• Home
  • »
  • News
  • »
  • assam
  • »
  • Ajanta Neog : চৰকাৰী আঁচনিৰে নহয়, নিজৰ দৰমহাৰে বিজেপিৰ নিষ্ঠাৱান কৰ্মীক গৃহ নিৰ্মাণ কৰি দিলে মন্ত্ৰী অজন্তা নেওগে

Ajanta Neog : চৰকাৰী আঁচনিৰে নহয়, নিজৰ দৰমহাৰে বিজেপিৰ নিষ্ঠাৱান কৰ্মীক গৃহ নিৰ্মাণ কৰি দিলে মন্ত্ৰী অজন্তা নেওগে

ভাৰতীয় জনতা পাৰ্টীৰ অতি নিষ্ঠাৱান কাৰ্যকর্তা তিলেশ্বৰ শইকীয়াক কথা দি কথা ৰাখে স্থানীয় বিধায়িকা অজন্তা নেওগে।

ভাৰতীয় জনতা পাৰ্টীৰ অতি নিষ্ঠাৱান কাৰ্যকর্তা তিলেশ্বৰ শইকীয়াক কথা দি কথা ৰাখে স্থানীয় বিধায়িকা অজন্তা নেওগে।

ভাৰতীয় জনতা পাৰ্টীৰ অতি নিষ্ঠাৱান কাৰ্যকর্তা তিলেশ্বৰ শইকীয়াক কথা দি কথা ৰাখে স্থানীয় বিধায়িকা অজন্তা নেওগে।

  • Share this:
এটা আপোন ঘৰ গঢ়াৰ সপোন সকলোৰে থাকে। কেতিয়াবা আৰ্থিক অনাটন বা অন্য কোনো কাৰণত সেয়া সম্ভৱ হৈ নুঠে। তেনে এজন ব্যক্তি হ'ল গোলাঘাটৰ আঠগাঁও মণ্ডলৰ নিৱাসী তিলেশ্বৰ শইকীয়া। সমাজ সেৱাকেই জীৱনৰ ব্ৰত হিচাপে লোৱা শইকীয়া আছিল এজন স্বয়ং সেৱক।

বিভিন্ন অনুষ্ঠান–প্ৰতিষ্ঠানৰ লগত জড়িত শইকীয়া জীৱনৰ এছোৱা কাল ভাৰতীয় জনতা পাৰ্টী গোলাঘাট জিলাৰ সভাপতি আছিল। ব্যক্তিগত সা-সুবিধাৰ প্ৰতি উদাসীন শইকীয়াৰ ঘৰত এদিন উপস্থিত হৈছিল ৰাজ্যৰ বিত্ত, মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগ (Minister Ajanta Neog)।



শইকীয়াৰ জৰাজীৰ্ণ ঘৰ দেখি তেতিয়াৰ বিধায়িকা তথা বৰ্তমানৰ বিত্তমন্ত্ৰী নেওগে শইকীয়াক প্ৰতিশ্ৰুতি দিলে চৰকাৰী আঁচনিৰে নহয় নিজৰ দৰমহাৰে গৃহ নিৰ্মাণ কৰি দিব।



ভাৰতীয় জনতা পাৰ্টীৰ অতি নিষ্ঠাৱান কাৰ্যকর্তা তিলেশ্বৰ শইকীয়াক কথা দি কথা ৰাখে স্থানীয় বিধায়িকা অজন্তা নেওগে। অৱশেষত তিলেশ্বৰ শইকীয়াৰ অসম আৰ্হিৰ গৃহ সম্পূৰ্ণ হোৱাৰ পিছত ১৫ আগষ্টৰ দিনাই দুপৰীয়া ফিটা কাটি তিলেশ্বৰ শইকীয়াৰ গৃহ প্ৰৱেশৰ শুভাৰম্ভণি কৰিলে ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে। নেওগৰ এনে প্ৰচেষ্টাক স্থানীয় ৰাইজৰ লগতে শইকীয়াই কৃতজ্ঞতা জ্ঞাপন কৰে।
Published by:Gautam Barman
First published: