• Home
  • »
  • News
  • »
  • assam
  • »
  • 'ভাল কাম কৰিলে পুৰস্কাৰ, বেয়া কাম কৰিলে শাস্তি' সমাজ কল্যাণক সকীয়ালে ‍বিত্তমন্ত্ৰী অজন্তা নেওগে

'ভাল কাম কৰিলে পুৰস্কাৰ, বেয়া কাম কৰিলে শাস্তি' সমাজ কল্যাণক সকীয়ালে ‍বিত্তমন্ত্ৰী অজন্তা নেওগে

বিভাগৰ বিষয়া-কৰ্মচাৰীৰ ৰদ-বদলকে ধৰি ভিন্ন কামৰ বাবে মুকলি ৱেব প'ৰ্টেল।

বিভাগৰ বিষয়া-কৰ্মচাৰীৰ ৰদ-বদলকে ধৰি ভিন্ন কামৰ বাবে মুকলি ৱেব প'ৰ্টেল।

বিভাগৰ বিষয়া-কৰ্মচাৰীৰ ৰদ-বদলকে ধৰি ভিন্ন কামৰ বাবে মুকলি ৱেব প'ৰ্টেল।

  • Share this:

সোমবাৰে সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগে সমাজ কল্যাণ সঞ্চালকালয়ত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে ৷ এই পৰ্যালোচনা বৈঠকত সমাজ কল্যাণ বিভাগৰ বিভিন্ন কাম-কাজৰ বুজ লয় মন্ত্ৰী নেওগে ৷


অসমৰ বিভিন্ন ঠাইত নতুনকৈ স্থাপন হ'বলগীয়া আদৰ্শ অংগনৱাড়ী কেন্দ্ৰসমূহৰ লগতে পুৰণি অংগনৱাড়ী কেন্দ্ৰসমূহত বিশুদ্ধ খোৱাপানী আৰু বিদ্যুৎ সংযোগৰ সুব্যৱস্থাৰ বিষয়েও বৈঠকত আলোচনা কৰা হয় ।


শিশু, মহিলা, দিব্যাংগ আৰু বয়োজ্যেষ্ঠসকলে যাতে সমাজ কল্যাণ বিভাগৰ সকলো আঁ‌চনিৰ সুবিধা লাভ কৰিব পাৰে, তাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক চোকা দৃষ্টি ৰাখিবলৈ তথা সাংসদ আৰু বিধায়কসকলক বিভাগীয় আঁ‌চনিসমূহৰ বিষয়ে নিয়মীয়াকৈ অৱগত কৰিবলৈ এক সজাগতামূলক কাৰ্যপন্থা হাতত ল'বলৈ নিৰ্দেশ দিয়ে মন্ত্ৰী অজন্তা নেওগে।


লগতে প্ৰসূতি মাতৃ আৰু নৱজাত শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰিবলৈ উপযুক্ত ব্যৱস্থা গ্ৰহণেৰে কাৰ্যক্ষম কৰি তুলিবলৈ নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰী নেওগে।


ইয়াৰোপৰি অনাগত দিনত বিভাগটোক আৰু অধিক সক্ৰিয় আৰু কাৰ্যক্ষম কৰাৰ উদ্দেশ্যে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দিষ্ট ৰোডমেপ তৈয়াৰ কৰিবলৈ নিৰ্দেশ দিয়ে বিভাগীয় মন্ত্ৰী অজন্তা নেওগে ।


বৈঠকত অংশগ্ৰহণ কৰি মন্ত্ৰী নেওগে কয়- “বিভাগটোত নিষ্ঠাসহকাৰে দায়িত্ব পালন কৰা কৰ্মচাৰীসকলক পুৰস্কাৰ আৰু দায়িত্বত গাফিলতি কৰা কৰ্মচাৰীক উপযুক্ত শাস্তি বিহিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷ ইয়াৰ দ্বাৰা আমি ৰাইজলৈ সেৱা আগবঢ়োৱাত কোনোধৰণৰ বাধাৰ সৃষ্টি নহ'ব।”


সোমবাৰৰ বৈঠকত সমাজ কল্যাণ সঞ্চালকালয়ৰ সঞ্চালক বিভাষ কুমাৰ মোদী, মুখ্য সচিব মুকেশ চন্দ্ৰ চাহু, কমিছনাৰ অৱ ডিজেবিলিটিছ দেৱেশ্বৰ বৰা, বিভাগীয় সচিব পাৰ্থপ্ৰতিম মজুমদাৰৰ লগতে বিভাগৰ অন্যান্য শীৰ্ষস্থানীয় বিষয়াসকল উপস্থিত আছিল ।


ইপিনে সমাজ কল্যাণ বিভাগৰ সামগ্ৰিক ব্যৱস্থাটোৰ ব্যাপক সংস্কাৰ সাধন আৰু নিৰীক্ষণ কৰাৰ লক্ষ্যৰে সোমবাৰে 'Enirikshyan'(ই-নিৰীক্ষণ) নামৰ ৱেব প'ৰ্টেলটো মুকলি কৰে মন্ত্ৰী অজন্তা নেওগে । বিভাগটোৰ সৈতে জড়িত বিভিন্ন প্ৰক্ৰিয়া আৰু প্ৰয়োজনীয় তথ্য অধিক স্বচ্ছতাৰে (Transparent) উপলব্ধ কৰাত ডিজিটেল প্লেটফৰ্মটোৱে এক ফলপ্ৰসূ ভূমিকা পালন কৰিব ।


এতিয়াৰেপৰা সমাজ কল্যাণ বিভাগৰ বদলিকৰণ, নতুন নিযুক্তি, অৱসৰ ইত্যাদি সকলো তথ্য এই প'ৰ্টেলত উপলব্ধ হ'ব। কাৰ্যালয়ৰ কৰ্মী, সহায়ক আৰু তেওঁলোকৰ প্ৰগতিৰ মাহিলি প্ৰতিবেদনৰ লগতে অংগনৱাড়ী কেন্দ্ৰ আৰু বেচৰকাৰী সংস্থাৰ বিভিন্ন কামৰ প্রতিবেদনো প'ৰ্টেলটোত নিয়মিতভাৱে প্ৰকাশিত হ'ব ।


প'ৰ্টেলটো মুকলি কৰি বিভাগীয় মন্ত্ৰী অজন্তা নেওগে ক'লে- “পূৰ্বতে এনে বৃহৎ পৰিসৰত বিভাগটোৰ কাম-কাজক পৰ্যবেক্ষণ কৰাৰ কোনো সুসংগঠিত ব্যৱস্থা নথকাত বিভিন্ন অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিল। এই নতুন প'ৰ্টেলৰ সংযোজনে কাৰ্য ব্যৱস্থাক পূৰ্বতকৈ অধিক সুচাৰুৰূপে সম্পন্ন কৰাত সহায়ক হ'ব বুলি আমি আশা ৰাখিছোঁ ৷”

Published by:Gautam Barman
First published: