"চৰকাৰ বিজেপিৰ আহিল কি হ'ল, এতিয়া অসমত আমাৰেই ৰাজত্ব চলিব।বিজেপিক ভোট দিয়াৰ পৰিণাম ভয়াবহ হ'ব"- এনে হুমকিৰে বৰাকত বিজেপি সমৰ্থকৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিছে এআইইউডিএফৰ(AIUDF) সমৰ্থকে। বুধবাৰে প্ৰাক্তন বিধায়ক তথা অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ আমিনুল হক লস্কৰৰ ভগ্নীৰ ঘৰত এআইইউডিএফৰ সমৰ্থকে ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত কৰিছে।
অভিযোগ মতে সোণাই সমষ্টিৰ এআইইউডিএফৰ নেতা আলতাফ হুছেইন লস্কৰ, মাছুদ আহমদ আৰু টিটু লস্কৰ নামৰ এআইইউডিএফৰ তিনি নেতাৰ নেতৃত্বত অহা গুণ্ডাবাহিনীৰ দলে পশ্চিমবংগৰ আৰ্হিত আমিনুল হক লস্কৰৰ ভগ্নী জাহানাৰা বেগমৰ ঘৰত আক্ৰমণ কৰি সামগ্ৰী লণ্ড-ভণ্ড কৰি পৰিয়ালৰ লোকক মাৰপিট কৰে। এই আক্ৰমণত জাহানাৰা বেগম আৰু তেঁওৰ পুত্ৰ গুৰুতৰভাৱে আহত হয়। এআইইউডিএফৰ সমৰ্থকৰ দলটোৱে দিন-দুপৰতে ঘৰত আক্ৰমণ কৰাৰ উপৰিও ঘৰটোত অগ্নিসংযোগ কৰাৰো চেষ্টা চলাই।
উল্লেখযোগ্য যে, ৰংগিৰখাদী আৰক্ষী থানাৰ মাত্ৰ ৫মিটাৰ নিলগতে থকা জাহানাৰা বেগমৰ ঘৰত আক্ৰমণ চলাই এআইইউডিএফৰ দলটোৱে কয়, "সোণাইত এতিয়া কৰিম উদ্দিনৰ ৰাজত্ব চলিব। বিজেপি কৰা সকলক ৰেহাই দিয়া নহ'ব।"
এই ঘটনাৰ পিছতে আৰক্ষীয়ে আলতাফ হুছেইন লস্কৰ, মাছুম আহমদ আৰু টিটু লস্কৰক গ্ৰেপ্তাৰ কৰিছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|