உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • এইবাৰ পুত্ৰৰ পৰিৱৰ্তে ভাতৃ! যমুনামুখৰ সমষ্টিত AIUDFৰ প্ৰাৰ্থী হ'ব বদৰুদ্দিন আজমলৰ ভাতৃ চিৰাজুদ্দিন আজমল

    এইবাৰ পুত্ৰৰ পৰিৱৰ্তে ভাতৃ! যমুনামুখৰ সমষ্টিত AIUDFৰ প্ৰাৰ্থী হ'ব বদৰুদ্দিন আজমলৰ ভাতৃ চিৰাজুদ্দিন আজমল

    টিকট বঞ্চিত হ'ব আজমল পুত্ৰ!

    টিকট বঞ্চিত হ'ব আজমল পুত্ৰ!

    টিকট বঞ্চিত হ'ব আজমল পুত্ৰ!

    • Share this:
    অসমৰ ৰাজনীতিৰ গৰম খবৰ। ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ পুত্ৰ আব্দুৰ ৰহিম আজমলে প্ৰতিনিধিত্ব কৰা যমুনামুখ সমষ্টিৰ পৰা আগন্তুক বিধানসভা নিৰ্বাচনত AIUDF টিকটত নিৰ্বাচন খেলিব প্ৰাক্তন সাংসদ তথা বদৰুদ্দিন আজমলৰ ভাতৃ ছিৰাজুদ্দিন আজমলে।

    যমুনামুখ সমষ্টিত ছিৰাজুদ্দিন আজমলৰ টিকট এশ শতাংশই নিশ্চিত বুলি নিউজ18 ক জনালে AIUDFৰ সভাপতি  বদৰুদ্দিন আজমলে। ইফালে ছিৰাজুদ্দিন আজমলৰ টিকট খাটাং হোৱাৰ লগে লগে পুত্ৰ আব্দুৰ ৰহিম আজমল বঞ্চিত হ'ল টিকটৰ পৰা।

    উল্লেখযোগ্য যে, ২০১১ চনত যমুনামুখ সমষ্টিৰ সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হোৱা ছিৰাজুদ্দিন আজমল ২০১৪ চনত বৰপেটা লোকসভা সমষ্টিৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। কিন্তু বিগত লোকসভা নিৰ্বাচনত বৰপেটা সমষ্টিত টিকটৰ পৰা বঞ্চিত হৈছিল বদৰুদ্দিন আজমলৰ ভাতৃ ছিৰাজুদ্দিন আজমল।
    Published by:Himangshu Bhuyan
    First published: