কংগ্ৰেছে এৰি দিলেও, AIUDF-এ প্ৰাৰ্থীত্ব দিব লুৰিণজ্যোতি আৰু অখিল গগৈয়ে প্ৰতিদ্বন্দিতা কৰিবলগীয়া সমষ্টিত

News18 Assam | News18-Assam
Updated:February 21, 2021, 1:13 PM IST
কংগ্ৰেছে এৰি দিলেও, AIUDF-এ প্ৰাৰ্থীত্ব দিব লুৰিণজ্যোতি আৰু অখিল গগৈয়ে প্ৰতিদ্বন্দিতা কৰিবলগীয়া সমষ্টিত
অসম বিধানসভা নিৰ্বাচনলৈ মাজত দুমাহতকৈও কম সময়। তাৰ মাজতে শনিবাৰে AIUDFৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে নতুন দিল্লীত সাক্ষাৎ কৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক।

অসম বিধানসভা নিৰ্বাচনলৈ মাজত দুমাহতকৈও কম সময়। তাৰ মাজতে শনিবাৰে AIUDFৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে নতুন দিল্লীত সাক্ষাৎ কৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক।

  • Share this:
অসম বিধানসভা নিৰ্বাচনলৈ মাজত দুমাহতকৈও কম সময়। তাৰ মাজতে শনিবাৰে AIUDFৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে নতুন দিল্লীত সাক্ষাৎ কৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক। আৰু এই বৈঠকতে কংগ্ৰেছ আৰু  AIUDFৰ মাজৰ প্ৰাক নিৰ্বাচনী মিত্ৰতা চূড়ান্ত কৰে বুলি জানিব পৰা গৈছে।

শনিবাৰে অনুষ্ঠিত বৈঠকত আজমলক সংগ দিলে দলটোৰ দুজন সাধাৰণ সম্পাদক আমিনুল ইছলাম আৰু কৰিমুদ্দিন বাৰভূঞাই । বৈঠকৰ অন্তত মৌলানা বদৰুদ্দিন আজমল অসমলৈ উৰা মাৰে ।

ইয়াৰ পিছতে দলটোৰ দুয়োগৰাকী সাধাৰণ সম্পাদকে দিল্লীৰ আজমলৰ চৰকাৰী বাসভৱনত সংবাদমেল সম্বোধন কৰি কয় , 'ৰাহুল গান্ধীৰ আমন্ত্ৰণ মৰ্মে মৌলানা বদৰুদ্দিন আজমল এই বৈঠকত উপস্থিত থাকে আৰু আগন্তুক বিধানসভা নিৰ্বাচন বিজেপিক পৰাজিত কৰাৰ দিশত ৰণকৌশল প্ৰস্তুতৰ সন্দৰ্ভত আলোচনাত মিলিত হয়। আসন বুজা-বুজিক লৈ কোনো আলোচনা হোৱা নাই বুলি মন্তব্য কৰে আমিনুল ইছলামে ।

সংবাদ মেলত AIUDFৰ সাধাৰণ সম্পাদকজন কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হোৱা পৰিলক্ষিত হয়। তেওঁ কয় – ‘এয়া সৰু ককাই, ডাঙৰ ককাইৰ কথা নহয়; কংগ্ৰেছ দলে আকোঁৰগোজ মনোভাৱ পৰিত্যাগ কৰক। আমাৰ দল যিটো সমষ্টিত শক্তিশালী এই সমষ্টি আমি প্ৰতিদ্বন্দিতা কৰিম আৰু য’ত কংগ্ৰেছৰ জয়লাভৰ সম্ভাৱনা অধিক তাত তেওঁলোকে খেলক ।“

দলটোৰ নেতৃত্বই নৱগঠিত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদকো সমালোচনা কৰে। কংগ্ৰেছে দল দুটাৰ সভাপতি ক্ৰমে – অখিল গগৈ আৰু লুড়িণ গগৈক আসন এৰি দিয়াৰ পোষকতা কৰাৰ বিপৰীতে কিন্তু AIUDFএ  এই দুই নেতাৰ বিৰুদ্ধে প্ৰাৰ্থী প্রক্ষেপ কৰাৰ কথা ঘোষণা কৰিছে। এই দুটা নৱগঠিত দলে AIUDFক সাম্প্ৰদায়িক বুলি মন্তব্য কৰি থকাৰ প্ৰশংসগত আমিনুল ইছলামে কয় – 'তেওঁলোকে তথ্য প্ৰমাণ দিয়ক কেনেকৈ AIUDF সাম্প্ৰদায়িক ।“ অসমৰ স্বাৰ্থৰ বিঘ্নিত হোৱা কোনো কাম দলটোৱে  কৰা নাই বুলিও দাবী কৰে ইছলামে। AIUDFক সাম্প্ৰদায়িক বুলি কৈ এই দুই দলে বিজেপিকহে পৰোক্ষ ভাৱে সহায় কৰিছে যেন অনুমান হয়'– মন্তব্য ইছলামৰ ।

অৱশ্যে AIUDF নেতৃত্বই  ৰাইজৰ দল আৰু জাতীয় পৰিষদক ৬ দলৰ ৰাজনৈতিক মহাজোঁটলৈ আহিবলৈ আমন্ত্ৰণ জনায়। ইছলামে AIUDF আৰু দুই দলৰ আদৰ্শগত পাৰ্থক্য নাই বুলি দাবী কৰে।
Published by: Himangshu Bhuyan
First published: February 21, 2021, 1:13 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি