আজি ছিপাঝাৰৰ ধলপুৰলৈ যাব AIUDFৰ এটা দল। জমিয়তৰ দলটোৱে পৰিদৰ্শন কৰিব ধলপুৰৰ উচ্ছেদিত স্থান। AIUDFৰ দলটোৱে ধলপুৰৰ উচ্ছেদিত পৰিয়ালক যোগান ধৰিব খাদ্য সামগ্ৰী।
উল্লেখযোগ্য যে ছিপাঝাৰৰ গৰুখুটিত চৰকাৰী ভূমি বেদখলকাৰীৰ বিৰুদ্ধে চলোৱা উচ্ছেদ অভিযানৰ সময়তে সৃষ্টি হৈছিল প্ৰচণ্ড সংঘাত। উচ্ছেদিত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সৃষ্টি হৈছিল সংঘাত। প্ৰতিবাদকাৰীয়ে আৰক্ষীলৈ লক্ষ্য কৰি শিলগুটি, যাঁঠি আদিৰে আক্ৰমণ কৰাৰ সময়তে আত্মৰক্ষাৰ বাবে গুলী চলাবলৈ বাধ্য হৈছিল আৰক্ষী। যাৰ ফলত কেইবাজনো আৰক্ষী আহত হোৱাৰ লগতে মৃত্যু হৈছিল দুজন লোকৰ।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : September 28, 2021, 08:45 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।