মহাজোঁটৰ চৰকাৰ হ'লে ময়েই মন্ত্ৰিত্ব বিতৰণ কৰিম : আজমল। আজমলৰ 'তলা-ছাবি যাৰ, চৰকাৰ তাৰ' মন্তব্যত উভতি ধৰিলে কংগ্ৰেছৰ দেৱব্ৰতে। স্মৃতি ইৰাণীয়ে ক'লে- 'চৰকাৰৰ ছাবি আছে জনতাৰ হাতত, জনতাই জানে ক'ত লগাব লাগে তলা'।
মহাজোঁটৰ চৰকাৰ হ'লে ময়েই মন্ত্ৰিত্ব বিতৰণ কৰিম : আজমল। আজমলৰ 'তলা-ছাবি যাৰ, চৰকাৰ তাৰ' মন্তব্যত উভতি ধৰিলে কংগ্ৰেছৰ দেৱব্ৰতে। স্মৃতি ইৰাণীয়ে ক'লে- 'চৰকাৰৰ ছাবি আছে জনতাৰ হাতত, জনতাই জানে ক'ত লগাব লাগে তলা'।
গছত কঠাল নপকোতেই ওঠত তেল সানিছে বদৰুদ্দিন আজমলে। নিৰ্বাচন শেষেই হোৱা নাই, মন্ত্ৰী কোন হ'ব তাৰেই অংকত ব্যস্ত আজমল। চৰকাৰ কোনে গঠন কৰিব সেয়াই নিশ্চিত হোৱা নাই, কিন্তু দলগাঁৱত আজমলে ঘোষণা কৰিলে- মহাজোঁটৰ চৰকাৰ হ'লে মন্ত্ৰিত্ব বিতৰণ কৰিব হেনো আজমলে।
মহাজোঁটৰ চৰকাৰ হ'লে মন্ত্ৰিত্ব বিতৰণ কৰিব হেনো বদৰুদ্দিন আজমলে। আজমলৰ দাবী- মহাজোঁটৰ ছাবি কাঠি আছে তেওঁৰ হাতত। 'তলা-চাবি যাৰ হাতত থাকিব মন্ত্ৰীত্বও তেওঁৱেই বিতৰণ কৰিব'। আজমলে লগতে কয় যে মহাজোঁটৰ চৰকাৰ হ'লে চৰকাৰৰ ছাবিকোছাও তেওঁৰ সৈতেই থাকিব। সেয়ে দলগাঁৱত ঘোষণা কৰিলে-মজিবুৰ ৰহমান মন্ত্ৰী হ'বই।
এই মন্তব্যৰ পিছতে কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই উভতি ধৰিছে আজমলক। দেৱব্ৰত শইকীয়াৰ মন্তব্য, 'ছাবি থাকিলে কি হ'ব, হাত আমাৰ লগত আছে'।
মহাজোঁটৰ এই খৰিয়াল দেখি কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়েও ভালকৈ এশিকনি দিলে কংগ্ৰেছ-এআইইউডিএফক। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা ইৰাণীয়ে ক'লে, 'চৰকাৰৰ ছাবি আছে জনতাৰ হাতত, জনতাই জানে ক'ত লগাব লাগে তলা'।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|