তালিবানক সমৰ্থনৰ অপৰাধত এ আই ইউ ডি এফৰ ৰাজ্যিক সম্পাদকক গ্ৰেপ্তাৰ। দৰং জিলাৰ উপ আৰক্ষী অধীক্ষক প্ৰাঞ্জল বৰাৰ নেতৃত্বত মঙলদৈ সদৰ আৰক্ষীয়ে শনিবাৰে গ্ৰেপ্তাৰ কৰে মৌলানা ফজলুল কৰিম কাছিমি নামৰ লোকজনক।
মৌলানা ফজলুল কৰিম কাছিমিয়ে সামাজিক মাধ্যমযোগে তালিবানৰ বিষয়সমূহ প্ৰচাৰ কৰাৰ লগতে সমৰ্থন কৰাৰ অভিযোগ উঠিছিল। কাছিমি জমিয়ত অসমৰ ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদকৰ লগতে এ আই ইউ ডি এফৰ ৰাজ্যিক সম্পাদকৰ দায়িত্বতো আছিল।
মৌলানা ফজলুল কৰিম কাছিমিক মঙলদৈ আৰক্ষীয়ে বৰ্তমান সোধা–পোছা অব্যাহত ৰাখিছে। কাছিমিৰ ওপৰত জাৰি কৰা হৈছে ধাৰা কেছ নং ৪১০/২১ ইউ/এছ ১২০ বি/১৫৩(১) এ,চি/২৯৮/৫০৫ (১) বি,চি/৫০২ আই পি এছ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|