ত্যাগ কৰিবলৈ সাজু AIUDF, এৰা ধৰাৰ ৰাজনীতিৰে ২০২১ৰ নিৰ্বাচনৰ বাবে সাজু হৈছে বদৰুদ্দিন আজমল

News18 Assam | News18-Assam
Updated:November 21, 2020, 2:55 PM IST
ত্যাগ কৰিবলৈ সাজু AIUDF, এৰা ধৰাৰ ৰাজনীতিৰে ২০২১ৰ নিৰ্বাচনৰ বাবে সাজু হৈছে বদৰুদ্দিন আজমল
কোন কেইটা সমষ্টি কংগ্ৰেছৰ পৰা বিচাৰিব AIUDFয়ে?

কোন কেইটা সমষ্টি কংগ্ৰেছৰ পৰা বিচাৰিব AIUDFয়ে?

  • Share this:
‘চমু চাপিছে ২০২১ চনৰ বিধানসভা নিৰ্বাচন। আগন্তুক বিধানসভা নিৰ্বাচনত বিৰোধী মহাজোঁটৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিব। কংগ্ৰেছ নেতৃত্বাধীন বিৰোধীয়ে গঠন কৰিব ৰাজ্যত চৰকাৰ।’- এই দাবী AIUDFৰ মুৰব্বী তথা সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ।

আজমলে লগতে দোহাৰে যে, ‘বিৰোধী মহাজোঁটে চৰকাৰ কৰিব বুলি উমান পায়েই বিজেপিত থকা তেওঁৰ বন্ধু পাগল হৈছে।’ আগন্তুক নিৰ্বাচনৰ বাবে AIUDFয়ে এৰা ধৰাৰ ৰাজনীতি কৰিব। ত্যাগ কৰি হ’লেও চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িব AIUDF দল। এই কথা নিউজ ১৮ক জনালে AIUDFৰ বিধায়নী দলৰ নেতা হাফিজ বছিৰ আহমেদ কাছিমি আৰু বিধায়ক আমিনুল ইছলামে।

AIUDFৰ সুত্ৰৰ পৰা জানিব পৰা মতে, তেওঁলোকৰ দখলত থকা কেইখনমান আসন মহাজোঁটৰ অংশিদাৰী দললৈ এৰি দিব। AIUDFয়ে দক্ষিণ কৰিমগঞ্জ, দক্ষিণ অভায়াপুৰী আৰু ভৱানীপুৰ সমষ্টি এৰি দিয়াটৌ প্ৰায় নিশ্চিত। তাৰ বিপৰীতে AIUDF কংগ্ৰেছৰ পৰা বিচাৰিছে বদৰপুৰ, দলগাওঁ, লাহৰিঘাট আৰু মানকাছাৰ সমষ্টি। AIUDFয়ে এইপৰ্যন্ত বিভিন্ন সময়ত অসমৰ মুঠ ২৮টা সমষ্টিত জয়লাভ কৰিছে। সেই কেইটা সমষ্টিতে পুনৰবাৰ সীমাবদ্ধ থকাৰ ইংগিত দিছে এআইইউডিএফ নেতৃত্বই।
Published by: Himangshu Bhuyan
First published: November 21, 2020, 2:55 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading