মুখ্যপৃষ্ঠা »খবৰ »অসম »কংগ্ৰেছে ১৫ বছৰীয়া শাসনকালত কিয় গৰুখুটিবাসীক সংস্থাপনৰ দিহা নকৰিলে? প্ৰশ্ন AIUDFৰ

কংগ্ৰেছে ১৫ বছৰীয়া শাসনকালত কিয় গৰুখুটিবাসীক সংস্থাপনৰ দিহা নকৰিলে? প্ৰশ্ন AIUDFৰ

“গৰুখুটি কাণ্ডৰ বাবে জগৰীয়া কোন? পূৰ্বৰ কংগ্ৰেছ চৰকাৰে কিয় সংস্থাপনৰ ব্যৱস্থা নকৰিলে?”- এই প্ৰশ্নৰ অৱতাৰণা কৰিলে AIUDFৰ বিধায়ক কৰিম উদ্দিন বৰভূঞাই৷ 

  • Share this:
ছিপাঝাৰৰ গৰুখুটি৷ বেদখলকাৰীৰ পৰা চৰকাৰী হাজাৰ হাজাৰ বিঘা মাটি উদ্ধাৰৰ বাবে চলোৱা অভিযান এতিয়া আন্তঃৰাষ্ট্ৰীয় চৰ্চাৰ বিষয়৷ দেশজুৰি চলিছে বিৰ্তক৷ বেদখলকাৰীয়ে উচ্ছেদকাৰী আৰক্ষীৰ ওপৰত কৰা আক্ৰমণ আৰু আৰক্ষীয়ে চলোৱা গুলীচালনাৰ ঘটনাই তুমুল বিৰ্তকৰ সূচনা কৰিছে৷ এনে সময়তে আৰম্ভ হৈছে গৰুখুটিক লৈ এইবাৰ বিৰোধীৰ মাজতেই কাজিয়া৷

“গৰুখুটি কাণ্ডৰ বাবে জগৰীয়া কোন? পূৰ্বৰ কংগ্ৰেছ চৰকাৰে কিয় সংস্থাপনৰ ব্যৱস্থা নকৰিলে?”- এই প্ৰশ্নৰ অৱতাৰণা কৰিলে AIUDFৰ বিধায়ক কৰিম উদ্দিন বৰভূঞাই৷

AIUDFৰ বিধায়ক কৰিম উদ্দিনে পোন্ধৰ বছৰীয়া শাসন কালত কংগ্ৰেছে ছিপাঝাৰৰ গৰুখুটিৰ এইসকল বেদখলকাৰীক সংস্থাপনৰ দিহা নকৰিলে বুলি প্ৰশ্নৰ অৱতাৰণা কৰে৷ লগতে বৰভূঞাই ক'লে- “এতিয়া কংগ্ৰেছে কেমেৰাৰ সন্মুখত কাপোৰ ফালি নাটক কৰিছে৷”

AIUDFৰ বিধায়ক কৰিম উদ্দিন বৰভূঞাই কংগ্ৰেছৰ বিৰুদ্ধে উত্থাপন কৰা এই অভিযোগৰ সন্দৰ্ভত মুখ খুলিলে কংগ্ৰেছী বিধায়ক নুৰুল হুদাই৷ হুদাৰ দাবী- “কংগ্ৰেছৰ শাসন কালত সংস্থাপনৰ ক্ষেত্ৰত কিয় দাবী কৰা নাছিল AIUDFয়ে৷ কেচুৱাই নাকান্দিলে মাকেও গাখীৰ নিদিয়ে!”

এয়াই কংগ্ৰেছী বিধায়কৰ পাল মৰা উত্তৰ৷ কেচুৱাই নাকান্দিলে মাকেও হেনো গাখীৰ নিদিয়ে৷ গৰুখুটিৰ বেদখলকাৰীক AIUDFয়ে সংস্থাপনৰ দাবী নকৰাৰ বাবেই কংগ্ৰেছে পোন্ধৰ বছৰীয়া শাসন কালত সংস্থাপনৰ দিহা নকৰিলে৷ এয়াই ৰাজনীতি।

শেহতীয়া বাতৰি