• Home
  • »
  • News
  • »
  • assam
  • »
  • প্ৰসংগ জেহাদীৰ টকাৰে নিৰ্বাচনঃ বিধানসভা চৌহদত AIUDFৰ প্ৰতিবাদ, পীয়ূষ হাজৰিকাৰ মন্তব্যক লৈ অভিযোগ পত্ৰ

প্ৰসংগ জেহাদীৰ টকাৰে নিৰ্বাচনঃ বিধানসভা চৌহদত AIUDFৰ প্ৰতিবাদ, পীয়ূষ হাজৰিকাৰ মন্তব্যক লৈ অভিযোগ পত্ৰ

''জয়ন্ত মল্ল বৰুৱা অসম আৰক্ষীৰ মালিক নেকি'' বুলিও প্ৰশ্ন উত্থাপন কৰে প্ৰতিবাদকাৰী বিধায়কে।

''জয়ন্ত মল্ল বৰুৱা অসম আৰক্ষীৰ মালিক নেকি'' বুলিও প্ৰশ্ন উত্থাপন কৰে প্ৰতিবাদকাৰী বিধায়কে।

''জয়ন্ত মল্ল বৰুৱা অসম আৰক্ষীৰ মালিক নেকি'' বুলিও প্ৰশ্ন উত্থাপন কৰে প্ৰতিবাদকাৰী বিধায়কে।

  • Share this:
মন্ত্ৰী পীয়ূষ হাজৰিকাই AIUDF–কংগ্ৰেছৰ সংখ্যালঘু বহু বিধায়কে জেহাদীৰ টকাৰে নিৰ্বাচন খেলে বুলি কোৱা মন্তব্যক লৈ সৰৱ AIUDF ৰ বিধায়কসকল। শুকুৰবাৰে বিধানসভা চৌহদত AIUDF ৰ সঁজাতীৰ দলে হাতত প্লে-কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে।

মন্ত্ৰী পীয়ুষ হাজৰিকাই বিধায়কৰ পদ মৰ্যাদা হানি কৰা নচলিব, বিজেপিয়ে সাম্প্ৰদায়িক মনোভাৱ পৰিহাৰ কৰক, জেহাদীৰ আলম লৈ বিজেপিয়ে AIUDFৰ বিধায়কক দিয়া মিছা অপবাদৰ জবাব লাগে, বিজেপিয়ে ৰাজনীতিৰ নামত মুখ চুপতি মাৰি সাংবিধানিক শপতৰ অৱমাননা বন্ধ কৰক, অনৈতিক ৰাজনৈতিক সিদ্ধিৰ বাবে বিৰোধী বিধায়কক টাৰ্গেট কৰি অপবাদ দিয়া নচলিব আদি শ্লোগানেৰে হাতত প্লে-কাৰ্ড লৈ বিধানসভাৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। বিধান সভাৰ অধ্যক্ষক সাক্ষাৎ কৰি AIUDF ৰ বিধায়কসকলে অভিযোগ পত্ৰ প্ৰদান কৰে।

মন্ত্ৰী পীয়ূষ হাজৰিকাৰ ১৪ গোষ্ঠীয়েও ক্ষমা নোখোজে বুলি কোৱা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্ত্ৰী হাজৰিকাক AIUDF ৰ তৰফৰ পৰা ক্ষমা খোজাৰ দাবী জনাইছল বিধায়ক কৰিমউদ্দিন বৰভূঞাই। অসম চৰকাৰৰ এগৰাকী মন্ত্ৰীয়ে কৰা সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে বিধান সভাৰ অধ্যক্ষক স্মাৰক পত্ৰ প্ৰদান কৰে AIUDFয়ে।

ইয়াৰ লগতে অসম বা উত্তৰ–পূৰ্বাঞ্চলত আজিলৈকে কোনটো মুছলমান উগ্ৰপন্থী সংগঠনে কেইটা বিস্ফোৰণ বা জেহাদ কৰিছে উদাহৰণ দিয়ক বুলি মন্ত্ৰী পীয়ূষ হাজৰিকাক প্ৰশ্ন কৰে বিধায়ক কৰিমউদ্দিন বৰভূঞাই। অসম বা উত্তৰ পূৰ্বাঞ্চলত আজিলৈকে যিমান হিংসাত্মক কাৰ্য সম্পন্ন হৈছে, সকলো স্থানীয় সংগঠনে কৰিছে বুলিও বিধায়কগৰাকীয়ে কয়।

আনহাতে মন্ত্ৰী পীয়ূষ হাজৰিকাই ক্ষমতা পাই অহংকাৰী হৈ এনেধৰণৰ মন্তব্য কৰা বুলি কয় কৰিমউদ্দিন বৰভূঞাই। ইফালে জয়ন্ত মল্ল বৰুৱাই আৰক্ষীৰ ভয় দেখায়, তেওঁ কি অসম আৰক্ষীৰ মালিক নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে প্ৰতিবাদকাৰী বিধায়কে।
Published by:Gautam Barman
First published: