মুখ্যপৃষ্ঠা »খবৰ »অসম »ভাৰতবৰ্ষত বিজেপিয়ে হিটলাৰী শাসনেৰে গণতন্ত্ৰ শেষ কৰিব বিচাৰিছে, সংবাদমেলত ক’লে AIUDF–এ

ভাৰতবৰ্ষত বিজেপিয়ে হিটলাৰী শাসনেৰে গণতন্ত্ৰ শেষ কৰিব বিচাৰিছে, সংবাদমেলত ক’লে AIUDF–এ

বিজেপিৰ দমনমূলক নীতিক ধিক্কাৰ দিয়া এআইইউডিএফ য়ে লগতে কয় যে বিজেপিয়ে হিটলাৰী শাসনেৰে দেশৰ গণতন্ত্ৰ শেষ কৰিব বিচাৰিছে।

বিজেপিৰ দমনমূলক নীতিক ধিক্কাৰ দিয়া এআইইউডিএফ য়ে লগতে কয় যে বিজেপিয়ে হিটলাৰী শাসনেৰে দেশৰ গণতন্ত্ৰ শেষ কৰিব বিচাৰিছে।

বিজেপিৰ দমনমূলক নীতিক ধিক্কাৰ দিয়া এআইইউডিএফ য়ে লগতে কয় যে বিজেপিয়ে হিটলাৰী শাসনেৰে দেশৰ গণতন্ত্ৰ শেষ কৰিব বিচাৰিছে।

  • Share this:
অৱশেষত সাৰ পালে এআইইউডিএফ দলে। ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ দুদিন পিছত সমগ্ৰ ঘটনাকলৈ সংবাদমেল অনুষ্ঠিত কৰি এআইইউডিএফ দলে সমালোচনা কৰে বিজেপি দলক। বিজেপিক হিটলাৰ বুলিকৈ সমালোচনা কৰে এআইইউডিএফে। দেওবাৰে হাতীগাঁৱৰ দলীয় কাৰ্যালয়ত সংবাদ মেল অনুষ্ঠিত কৰে এআইইউডিএফে।

সংবাদমেলত দলটোৰ চাৰিগৰাকী বিধায়ক ক্ৰমে  বিধায়িনী দলৰ নেতা হাফিজ বচিৰ আহমেদ কাছিমি, বিধায়ক আমিনুল ইছলাম, ছুজামুদ্দিন লস্কৰ আৰু কৰিমুদ্দিন বৰভূঞা উপস্থিত আছিল। সংবাদমেল সম্বোধন কৰে মানকাছাৰৰ বিধায়ক আমিনুল ইছলামে। দলটোৰ কেন্দ্ৰীয় কমিটীৰ সাধাৰণ সম্পাদক প্ৰশাসনীয় দায়িত্বত থকা আমিনুল ইছলামে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ বাবে বিজেপি চৰকাৰক চোকা ভাষাৰে ককৰ্থনা কৰাৰ লগতে ঘৃণাৰে উপচাই দিয়ে।

বিৰোধীৰ কণ্ঠ ৰোধ কৰাৰ চেষ্টা দেশৰ বাবে দুৰ্ভাগ্যজনক বুলিও আমিনুল ইছলামে।বিজেপিৰ দমনমূলক নীতিক ধিক্কাৰ দিয়া এআইইউডিএফ য়ে লগতে কয় যে বিজেপিয়ে হিটলাৰী শাসনেৰে দেশৰ গণতন্ত্ৰ শেষ কৰিব বিচাৰিছে।

ইফালে স্বভাৱসূলভভাৱে সংবাদ মেলৰ মাজতে আকৌ কংগ্ৰেছক সমালোচনা কৰিলে কৰিমুদ্দিন বৰভূঞাই। বিধায়ক কৰিমুদ্দিনে এফালে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক বিৰোধিতা কৰে আনফালে আকৌ প্ৰদেশ কংগ্ৰেছক সমালোচনা কৰে। ৰাহুল গান্ধীক সমৰ্থন কৰিলেও এআইইউডিএফ দলক বিৰোধীৰ সৰ্বদলীয় প্ৰতিবাদী কাৰ্যসূচী লৈ আমন্ত্ৰণ নজনালে কংগ্ৰেছ দলে।

শেহতীয়া বাতৰি