হোজাইত অনুষ্ঠিত হোৱা 'ভাৰত জোড়ো যাত্ৰা'ত অংশগ্ৰহণ কৰি কংগ্ৰেছ নেতা তথা কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈক এআইইউডিএফৰ বিৰুদ্ধে সোচ্চাৰ হোৱা পৰিলক্ষিত হয়। সাংসদগৰাকীয়ে কয় যে, ‘‘এআইইউডিএফয়ে কংগ্ৰেছক সমালোচনা কৰে প্ৰশংসা নকৰে। হিমন্তৰ বাবে আকৌ মিঠা কথা কয় এআইইউডিএফে।’’
লগতে তেওঁ কয় যে, ‘‘এআইইউডিএফ দল বিজেপিৰ লাইফ লাইন। এআইইউডিএফ নাথাকিলে বিজেপিও নাথাকিব।’’ ইফালে, হোজাই জিলাক বিজেপিয়ে অৱহেলা কৰিছে বুলিও অভিয়োগ কৰে সাংসদ গৌৰৱ গগৈয়ে। গুৰুত্বপূৰ্ণ বিষয়ক চৰকাৰে কৰে অৱহেলা কৰে বুলি তেওঁ উল্লেখ কৰে।
ইয়াৰোপৰি তেওঁ কয়, ‘‘দুয়োটা দলৰ ভাই–ককাই সম্পৰ্ক ৰাইজৰ মাজত ফাদিল হ’ব লাগে। এআইইউডিএফক ভাল পাই হিমন্তই।’’ আজমল ফাউণ্ডেচনৰ তদন্ত কৰিম কোৱাৰ পিছতো কিয় তদন্ত নহ’ল বুলিও প্ৰশ্ন কৰে সাংসদগৰাকীয়ে।
আনহাতে, বিজেপি চৰকাৰ থকালৈকে অসমৰ মাটি সুৰক্ষিত নহয় বুলি কৈ অসমৰ ৰাইজক নিৰাপত্তা দিব নোৱাৰিলে গৃহ বিভাগটোক বেলেগক দিবলৈও আহ্বান জনায় সাংসদ গৌৰৱ গগৈয়ে।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|