• Home
  • »
  • News
  • »
  • assam
  • »
  • Badaruddin Ajmal in Mandir: মন্দিৰত আজমল ! ব্যাপক চৰ্চা বৰাক উপত্যকাত। 

Badaruddin Ajmal in Mandir: মন্দিৰত আজমল ! ব্যাপক চৰ্চা বৰাক উপত্যকাত। 

Badaruddin Ajmal in Mandir: মৌলানা বদৰুদ্দিনে মন্দিৰলৈ গৈ পূজা-অৰ্চনা কৰিছে বুলি সামাজিক মাধ্যমত বিভিন্নজনে বিদ্ৰুপ কৰিবলৈ আৰম্ভ কৰিছে।

  • Share this:
৪ দিনীয়া বৰাক উপত্যকা ভ্ৰমণলৈ আহি হঠাৎ কাছাৰ জিলাৰ বড়জালেঙ্গাত থকা 'শ্ৰী শ্ৰী বৰম বাবা'ৰ মন্দিৰ নামে খ্যাত শিব মন্দিৰত উপস্থিত হল AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমল । কেৱল ইমানেই নহয় মন্দিৰত উপস্থিত হৈ দুপৰীয়‍া আহাৰো গ্ৰহণ কৰে আজমলে । কিন্তু এই ঘটনাকলৈ এতিয়া বৰাক উপত্যকাত সৃষ্টি হৈছে তুমুল চৰ্চাৰ ।

মৌলানা বদৰুদ্দিনে মন্দিৰলৈ গৈ পূজা-অৰ্চনা কৰিছে বুলি সামাজিক মাধ্যমত বিভিন্নজনে বিদ্ৰুপ কৰিবলৈ আৰম্ভ কৰিছে। পিছে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বদৰুদ্দিন আজমলে কয়, "মন্দিৰ-মছজিদত যোৱাৰ অৰ্থ কেৱল মাত্ৰ পূজা দিয়া আৰু নামাজ পঢ়া নহয় ।" এই বৰম বাবাৰ মন্দিৰ চৌহদত সোনাই সমষ্টিৰ বিধায়কে ১৫ হাজাৰ দুখীয়া ৰাইজৰ খোৱাৰ ব্যবস্থা কৰিছিলে । আৰু ইয়াৰ বাবেই তাতে উপস্হিত হৈ আহাৰ গ্ৰহণ কৰিছিলে বুলি মন্তব্য কৰে বদৰুদ্দিন আজমলে । লগতে তেওঁ মন্দিৰৰ ভিতৰত প্ৰবেশ কৰা নাই বুলিও স্পষ্ট কৰে আজমলে ।
Published by:Manjumoni Borah
First published: