মুখ্যপৃষ্ঠা »খবৰ »অসম »Tet Exam Centers: ছয় জিলাক টেট পৰীক্ষাৰ পৰা বঞ্চিত কৰাৰ অভিযোগ, আদালতলৈ যাব AIUDF বিধায়ক!

Tet Exam Centers: ছয় জিলাক টেট পৰীক্ষাৰ পৰা বঞ্চিত কৰাৰ অভিযোগ, আদালতলৈ যাব AIUDF বিধায়ক!

ধৰ্মৰ নামত কুটিল ৰাজনীতি কৰা বুলি চৰকাৰক সমালোচনা এআইইউডিএফৰ বিধায়কৰ।

ধৰ্মৰ নামত কুটিল ৰাজনীতি কৰা বুলি চৰকাৰক সমালোচনা এআইইউডিএফৰ বিধায়কৰ।

ধৰ্মৰ নামত কুটিল ৰাজনীতি কৰা বুলি চৰকাৰক সমালোচনা এআইইউডিএফৰ বিধায়কৰ।

  • Share this:

অসম চৰকাৰৰ শিক্ষা বিভাগৰ বিৰুদ্ধে এআইইউডিএফৰ সাধাৰণ সম্পাদক তথা মানকাচাৰ সমষ্টিৰ বিধায়ক আমিনুল ইছলামে বুধবাৰে অনুষ্ঠিত কৰে সংবাদ মেল। আগন্তুক টেট পৰীক্ষাৰ চেন্টাৰ ৰাজ্যৰ ছয়খন জিলাত নথকাত ক্ষোভিত হৈ পৰিছে এআইইউডিএফৰ বিধায়ক আমিনুল ইছলাম।


কেৱল মুছলমান জনসংখ্যা বেছি থকা জিলাক এই টেট পৰীক্ষাৰ পৰা বঞ্চিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে এআইইউডিএফৰ নেতাগৰাকীয়ে। অসমৰ ছয়খন জিলা ক্ৰমে ধুবুৰী, গোৱালপাৰা, দক্ষিণ শালমাৰা, হাইলাকান্দি, কৰিমগঞ্জ, বৰপেটা জিলাত নাই টেট পৰীক্ষাৰ চেন্টাৰ।


ৰাজ্য চৰকাৰে এই নিৰ্দিষ্ট ছয়খন জিলাৰ যুৱক–যুৱতীসকলক বঞ্চনাৰ দৃষ্টিৰে চাইছে বুলি কয় বিধায়ক আমিনুল ইছলামে। মানকাছাৰ সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ মতে, সংখ্যালঘু অধ্যুষিত অঞ্চলত এই ধৰণৰ গুৰুত্বপূৰ্ণ পৰীক্ষাৰ কেন্দ্ৰ নিদিলে সেই অঞ্চলসমূহত কেনেকৈ শিক্ষাৰ হাৰ বাঢ়িব বুলিও সংবাদ মেলত প্ৰশ্ন কৰে এআইইউডিএফৰ কেন্দ্ৰীয় কমিটীৰ সাধাৰণ সম্পাদকগৰাকীয়ে। এইক্ষেত্ৰত চৰকাৰৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হোৱাৰ ভাবুকি দিয়ে বিৰোধী দলটোৰ নেতৃত্বই।

শেহতীয়া বাতৰি