ছিপাঝাৰৰ ঢলপুৰত অসম চৰকাৰে চলোৱা উচ্ছেদ অভিযানত উচ্ছেদিত লোকৰ প্ৰতিবাদ, আক্ৰমণ আৰু আৰক্ষীৰ গুলীচালনাৰ মাজতে আহিছে এক লোমহৰ্ষক দৃশ্য। এই দৃশ্য প্ৰচাৰ হোৱাৰ পিছতে এতিয়া ৰাষ্ট্ৰজুৰি প্ৰশ্ন উত্থাপন কৰিছে অসমত মানৱতা লুণ্ঠিত হৈছে নেকি?
আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সোমাই থকা এগৰাকী হাতত কেমেৰা লৈ থকা যুৱকক লৈ সৃষ্টি হৈছে চাঞ্চল্য। এ আই ইউ ডি এফৰ বিধায়ক আশ্ৰাফুল হুছেইনে টুইটাৰযোগে ছিপাঝাৰৰ ঘটনাক লৈ পোষ্ট কৰা এটা ভিডিঅ'ত দেখা গৈছে আৰক্ষীয়ে গুলীচালনা কৰাৰ পিছতে এগৰাকী লোকে হাতত লাঠী লৈ আৰক্ষীক আক্ৰমণ কৰাৰ বাবে খেদি আহে। এই লোকগৰাকীক আৰক্ষীয়ে বাধা প্ৰদানৰ লগতে লাঠীচালনা কৰে।
ইমানলৈ ই প্ৰতিবাদকাৰী আৰু প্ৰশাসনৰ মাজৰ এটা কাৰ্য আছিল যদিও মাটিত ঢলি পৰি থকা আঘাতপ্ৰাপ্ত লোকগৰাকীক কেমেৰা লৈ থকা যুৱকজনে অমানৱীয়ভাৱে প্ৰহাৰ কৰে। মাটিত পৰি থকা লোকগৰাকীক ভৰিৰে গচকি–গুৰিয়াই–ঘুচিয়াই প্ৰহাৰ কৰে যুৱকগৰাকীয়ে। লগে লগে আৰক্ষীয়ে যুৱকগৰাকীক বাধা দিয়ে তেওঁক।
‘Terror Force’ of fascist, communal & bigoted Govt. shooting at its own citizens. Also, who is the person with camera? Someone from our ‘Great Media’ orgs?
The appeal of these villagers, against eviction, is pending in the High Court. Couldn’t the Govt wait till court order? pic.twitter.com/XI5N0FSjJd
— Ashraful Hussain (@AshrafulMLA) September 23, 2021
কিন্তু যুৱকগৰাকীক লৈ এতিয়া চলিছে চৰ্চা। একাংশ সংবাদমাধ্যমত প্ৰকাশিত বাতৰিৰ ভিত্তিত জানিব পৰা মতে, এই যুৱকগৰাকী দৰং জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ ফটোগ্ৰাফাৰ বিজয় শংকৰ বণিয়া। তেওঁক দিনটোৰ কাৰ্যসূচী কেমেৰাত আবদ্ধ কৰিবলৈ প্ৰশাসনে দায়িত্ব দিছিল। এগৰাকী আহত লোকক উদ্দেশ্যি আমানৱীয়ভাৱে প্ৰহাৰ কৰাৰ অন্তৰালত কিবা অভিসন্ধি লুকাই আছিল নেকি যুৱকজনৰ? এনে প্ৰশ্নৰ উত্তৰ তদন্তত ওলাব যদিও এই ঘটনা এতিয়া ৰাষ্ট্ৰজুৰি চৰ্চিত হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|