শুকুৰবাৰে অসম জাতীয় পৰিষদ দলে আজমল বাহিনীৰ সাম্প্ৰদায়িক আৰু অসমীয়া বিদ্বেষী ৰাজনীতিক তীব্ৰ ভাষাৰে গৰিহনা দিয়ে।
শুকুৰবাৰে অসম জাতীয় পৰিষদ দলে আজমল বাহিনীৰ সাম্প্ৰদায়িক আৰু অসমীয়া বিদ্বেষী ৰাজনীতিক তীব্ৰ ভাষাৰে গৰিহনা দিয়ে।
অসমীয়া ভাষাক অপমান কৰা AIUDF দলৰ বিধায়ক চিৰাজুদ্দিন আজমল আৰু দলটোৰ সভাপতি বদৰুদ্দিন আজমলৰ প্ৰতিকৃতি দাহ কৰে অসম জাতীয় পৰিষদে। শুকুৰবাৰে অসম জাতীয় পৰিষদ দলে আজমল বাহিনীৰ সাম্প্ৰদায়িক আৰু অসমীয়া বিদ্বেষী ৰাজনীতিক তীব্ৰ ভাষাৰে গৰিহনা দিয়ে।
গুৱাহাটীৰ জুৰোডস্থিত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সন্মুখত বিয়লি শতাধিক দলীয় কৰ্মী সমৱেত হৈ 'বদৰুদ্দিন আজমল মুৰ্দাবাদ, 'চিৰাজুদ্দিন আজমল মুৰ্দাবাদ', 'অসমত সাম্প্ৰদায়িক ৰাজনীতি নচলিব', 'অসমত অসমীয়া বিদ্বেষ নচলিব', 'অসমত অসমীয়া ভাষা কবই লাগিব', 'এ আই ইউ ডি এফ বিজেপিৰ দালাল' আদি শ্লোগান দিয়ে৷
বৃহস্পতিবাৰে ৰাজ্যসভা নিৰ্বাচনত বিজেপি প্ৰাৰ্থীৰ পক্ষত ভোট দিয়া AIUDF দলৰ সভাপতি বদৰুদ্দিন আজমল আৰু তেওঁৰ ভাতৃ তথা বিধায়ক চিৰাজুদ্দিন আজমলৰ প্ৰতিকৃতি দাহ কৰি জাতীয় পৰিষদৰ প্ৰতিবাদকাৰীসকলে পৰিস্থিতি উত্তাল কৰি তোলে৷
প্ৰতিবাদস্থলীত দলৰ মুখপাত্ৰ জিয়াউৰ ৰহমানে কয়, "বদৰুদ্দিন আজমল ডাঙৰীয়াৰ ভাতৃ তথা বিধায়ক ছিৰাজুদ্দিন আজমলে অসম বিধানসভাৰ বাহিৰত সাংবাদিকসকলৰ আগত অসমীয়া ভাষাত কথা কবলৈ অস্বীকাৰ কৰিছে ৷ তেওঁ ইণ্টাৰনেচনেল ভাষাত কথা কওক, তাত আপত্তি কৰিবলগীয়া নাই৷ কিন্তু তেওঁ অসমীয়া ভাষা কেইজনে জানে বুলি কিয় কব? তেওঁ নিজেই দেখোন লোকপিয়লত নিজৰ মাতৃভাষা অসমীয়া বুলি লিখায় ৷ তেওঁৰ ভাতৃ বদৰুদ্দিন আজমলে নিজকে এজন শ্ৰেষ্ঠ অসমীয়া বুলি দাবী কৰে, ডিঙিত গামোছা লৈ ফুৰে৷ গতিকে অসমীয়াত কথা নকওঁ আৰু অসমীয়া কেইজনে কয় বুলি মন্তব্য কৰি চিৰাজুদ্দিন আজমলে নিজৰ মন-মানসিকতাৰ আচল স্বৰূপ উদঙাই দিলে৷'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|