শৰাইঘাটৰ ৰণৰ সময়ত সেই জনমত আজিৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা সেনাপতি আছিল ৷ এই দাবী AIUDFৰ জেষ্ঠ বিধায়ক ড° হাফিজ ৰফিকুল ইছলামৰ ৷ বিধায়ক ৰফিকুলে ক'লে- “সেই জনমত শৰাইঘাটৰ ৰণৰ সেনাপতিজনে এই জনমত মুখ্যমন্ত্ৰী হৈছে ৷”
বাঘ হাজৰিকা বুলি কোনো নাছিল ৷ শৰাইঘাটৰ ৰণত কোনো বাঘ হাজৰিকা বুলি ব্যক্তি নাছিল ৷ ইতিহাসবিদে কল্পনা কৰিহে উল্লেখ কৰিছিল বাঘ হাজৰিকাক ৷ দেওবাৰে ABVPৰ এক অনুষ্ঠানত এইদৰে দাবী কৰিছিল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷
বাঘ হাজৰিকাৰ অস্তিত্বক লৈ পোনপটীয়াকৈ প্ৰশ্ন কৰাত সোমবাৰে AIUDFৰ বিধায়ক ড° হাফিজ ৰফিকুল ইছলামে উভটি ধৰিলে মুখ্যমন্ত্ৰীক ৷ মুখ্যমন্ত্ৰীক কটাক্ষ কৰি ড° ইছলামে ক'লে— “সেই জনমত আজিৰ মুখ্যমন্ত্ৰীজন শৰাইঘাটৰ ৰণৰ সেনাপতি আছিল ৷”
ইতিহাসক পুনৰ লিখিবলৈ লোৱা সকলক সমালোচনা কৰি বিধায়ক ড° ইছলামে ক'লে- “ইতিহাস ইতিহাসেই ৷ নতুনকৈ লিখা ইতিহাস বেছি দিন নিটিকে ৷”
শেহতীয়াকৈ শৰাইঘাটৰ ৰণ, লাচিত বৰফুকন হিন্দু সেনাপতি, বাঘ হাজৰিকাৰ অস্তিত্ব আদি বিষয়ত ব্যাপক চৰ্চা হ'বলৈ আৰম্ভ কৰিছে ৷ চৰ্চা হৈছে নতুনকৈ অসমৰ ইতিহাসক লিখাৰ প্ৰৱণতা ৷
Published by: Kokil Sarma
FIRST PUBLISHED : January 09, 2023, 16:33 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।