সংবাদমেলত AIUDFৰ সাধাৰণ সম্পাদক তথা নাওবৈচা সমষ্টিৰ বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা, বদৰুদ্দিন আজমল অসমৰ মুখ্যমন্ত্ৰী নহয় ৷ AIUDF দলে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷ আমি ধৰ্মীয় সংখ্যালঘু, আমি শান্তিপূৰ্ণ আৰু সম্প্ৰীতিৰ মাজেৰে অসমৰ উন্নয়ণৰ বাবে কাম কৰি যাম।’ AIUDFৰ নেতা জনে লগতে কয় যে, ‘কংগ্ৰেছ- AIUDFৰ মিত্ৰতা হ’লে বিজেপিৰ যদি লাভ হ’ব, তেন্তে তেওঁলোকে ভালহে পাব লাগিছিল। কিন্তু কিয় তেওঁলোকে যিকোনো ধৰণৰ মন্তব্য কৰি আছে। সেই কথাবোৰৰ পৰাই প্ৰমাণিত হয় যে, তেওঁলোক এতিয়া শংকিত।’
আনহাতে বিধায়ক হাফিজ ৰফিকুল ইছলামেও উভতি ধৰে ৰাজ্য চৰকাৰক। বিধায়কজনৰ অভিযোগ,‘চৰকাৰৰ সকলো ঘোষণা নিৰ্বাচনকেন্দ্ৰিক ৷ বিজেপি চৰকাৰে ‘বিদেশী অনুপ্ৰৱেশকাৰী’ শব্দটো কোৱাৰ যুক্তি নাই ৷ তেওঁলোকে বিদেশীক স্বদেশী কৰিব বিচাৰিছে ৷ AIUDFএ এতিয়াও দাবী কৰে যে, ১৯৭১ৰ পিছত অহা সকলো বিদেশীকে চিনাক্ত কৰি বহিষ্কাৰ কৰিব লাগে। কিন্তু বিজেপিয়ে সেয়া কেতিয়াও নকৰে। কাৰণ তেওঁলোক বিদেশীৰ পক্ষত।’