• Home
  • »
  • News
  • »
  • assam
  • »
  • বিৰোধীৰ আসনত বহাৰ যেন ইচ্ছা নাই! আগষ্টৰ শেষত বিজেপিত যোগদান কৰিব AIUDFৰ বিধায়ক ফণী তালুকদাৰে

বিৰোধীৰ আসনত বহাৰ যেন ইচ্ছা নাই! আগষ্টৰ শেষত বিজেপিত যোগদান কৰিব AIUDFৰ বিধায়ক ফণী তালুকদাৰে

ছটা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে সাজু শাসকীয় BJP

ছটা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে সাজু শাসকীয় BJP

ছটা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে সাজু শাসকীয় BJP

  • Share this:
এতিয়া এজনৰ পিছত আনজন বিৰোধী বিধায়ক বিজেপি মুখী হৈছে ৷ ৰূপজ্যোতি কুৰ্মীৰ পিছত থাওৰা সমষ্টিৰ কংগ্ৰেছী বিধায়ক সুশান্ত বৰগোহাঁয়ে এক আগষ্টত BJP যোগ দিব আৰু AIUDFৰ ভৱাণীপুৰৰ বিধায়ক ফণী তালুকদাৰে আগষ্টৰ শেষ সপ্তাহত BJPত যোগ দিব বুলি সদৰি কৰে BJPৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৷

বিৰোধী আসনত বহি থাকিবলৈ এতিয়া আৰু যেন একাংশ বিধায়কৰ মন নাই ! ধৈৰ্য ধৰিবলৈ সময় নাই ৷ সমষ্টিৰ উন্নয়নৰ দোহাই দি বিৰোধী পক্ষৰ পৰা গৈ শাসকীয় পক্ষত যোগ দিবলৈ শাৰী পাতিছে একাংশই ৷ ইতিমধ্যে মৰিয়নি সমষ্টিৰ চাৰিবাৰৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছ এৰি BJPত যোগ দিছে ৷ ৰূপজ্যোতিৰ পিছত BJPত যোগ দিব বুলি চৰ্চাত থকা থাওৰা সমষ্টিৰ কংগ্ৰেছী বিধায়ক সুশান্ত বৰগোহাঁইয়ে BJPত যোগ দিব বুলি বৃহস্পতিবাৰে নতুন দিল্লীত ঘোষণা কৰিলে ৰাজ্যিক BJPৰ সভাপতি ভৱেশ কলিতাই ৷

কেৱল সুশান্ত বৰগোহাঁইয়েই নহয়, বদৰুদ্দিন আজমলৰ AIUDFৰ ভৱানীপুৰৰ বিধায়ক ফণী তালুকদাৰেও যোগ দিব BJPত ৷ BJPৰ সভাপতি ভৱেশ কলিতাই সদৰি কৰা মতে, আগষ্টৰ শেষ সপ্তাহত BJPত আনুষ্ঠানিকভাৱে যোগ দিব ফণী তালুকদাৰে ৷

ইতিমধ্যে গোসাঁইগাঁও, তামোলপুৰ, মাজুলী আৰু মৰিয়ণী সমষ্টিত বিধায়ক পদ খালী হোৱাত উপ নিৰ্বাচন হোৱাটো আৱশ্যম্ভাৱী হৈছিল ৷ কিন্তু শেহতীয়াকৈ সুশান্ত বৰগোহাঁই আৰু ফণী তালুকদাৰে বিধায়ক পদৰ পৰা পদত্যাগ কৰি দল এৰিলে থাওৰা আৰু ভৱাণীপুৰ সমষ্টিতো উপ নিৰ্বাচন অনুষ্ঠিত হ'ব ৷ সেয়ে মুঠ ছয়টা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে সাজু হৈছে শাসকীয় BJP ৷ ইয়াৰে গোসাঁইগাঁও আৰু তামোলপুৰ সমষ্টিত শাসকীয় মিত্ৰজোঁটৰ অংশীদাৰ UPPLয়ে প্ৰাৰ্থীত্ব দিব ৷

ইপিনে থাওৰাৰ বিধায়ক সুশান্ত বৰগোহাঁইয়ে কংগ্ৰেছ ত্যাগৰ সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সুশান্তক শুভেচ্ছা জনায় ৷
Published by:Himangshu Bhuyan
First published: