দৰং জিলাৰ গৰুখুঁটিৰ উচ্ছেদিত লোকসকলৰ পুনৰ সংস্থাপনৰ দাবীত গুৱাহাটীত মৌন অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে এআইইউডিএফৰ বিধায়নী দলৰ নেতাসকলে। দিছপুৰৰ ড০ ভি আৰ আম্বেদকাৰৰ প্ৰতিমূৰ্তিৰ তলত মৌন অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি চৰকাৰক সমালোচনা কৰে এআইইউডিএফৰ বিধায়কসকলে।
শনিবাৰে দুপৰীয়া কিছু সময়ৰ বাবে এআইইউডিএফে সাব্যস্ত কৰা প্ৰতিবাদত দলটোৰ বিধায়িনী দলৰ নেতা হাফিজ বছিৰ আহমেদ কাছিমি, মানাকাছাৰৰ বিধায়ক আমিনুল ইছলাম, জনিয়াৰ ড০ হাফিজ ৰফিকুল ইছলাম, ধিঙৰ বিধায়ক আমিনুল ইছলাম, সোণাইৰ বিধায়ক কৰিমুদ্দিন বৰভূঞা, কাটলিছেৰাৰ বিধায়ক সুজামুদ্দিন লস্কৰ, হাইলাকান্দি সমষ্টিৰ বিধায়ক জাকিৰ লস্কৰ, গৌৰীপুৰৰ নিজানুৰ ৰহমান, দলগাঁওৰ বিধায়ক মুজিবুৰ ৰহমানৰ উপৰি আন কেইবাজনো দলীয় কৰ্মকৰ্তা উপস্থিত আছিল।
মৌন অৱস্থান ধৰ্মঘটৰ পিছতে সাংবাদিকৰে হোৱা বাৰ্তালাপত শাসকীয় বিজেপি দলৰ লগতে বিৰোধী দল কংগ্ৰেছকো চোকা ভাষাৰে সমালোচনা কৰে এআইইউডিএফৰ নেতৃত্বই। এআইইউডিএফৰ কেন্দ্ৰীয় কমিটীৰ সাধাৰণ সম্পাদক আমিনুল ইছলামৰ মতে কংগ্ৰেছ দলেই পূৰ্বৰে পৰা সংখ্যালঘু লোকক প্ৰাপ্য সুবিধাৰ পৰা বঞ্চিত কৰিছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।