‘হিমন্ত বিশ্বৰ সেই ডায়লগ পুৰণি হ’ল, আজমলে কেতিয়াও বিধানসভা নিৰ্বাচন নেখেলে’

বাকপটু সংখ্যালঘু বিধায়ক গৰাকীয়ে News18ক জনোৱা মতে, মৌলানা বদৰুদ্দিন আজমলে মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰী, মন্ত্ৰী দূৰৈৰ কথা, বিধানসভা নিৰ্বাচনো নেখেলে।
বাকপটু সংখ্যালঘু বিধায়ক গৰাকীয়ে News18ক জনোৱা মতে, মৌলানা বদৰুদ্দিন আজমলে মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰী, মন্ত্ৰী দূৰৈৰ কথা, বিধানসভা নিৰ্বাচনো নেখেলে।
- News18 Assam
- Last Updated: September 10, 2020, 7:55 PM IST
বাকপটু সংখ্যালঘু বিধায়ক গৰাকীয়ে News18ক জনোৱা মতে, মৌলানা বদৰুদ্দিন আজমলে মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰী, মন্ত্ৰী দূৰৈৰ কথা, বিধানসভা নিৰ্বাচনো নেখেলে। ধুবুৰী সমষ্টিৰ তিনিবাৰৰ সাংসদ বদৰুদ্দিন আজমলে সংসদীয় ৰাজনীতিতে সীমাবদ্ধ থাকিব বুলি কয় এআইইউডিএফৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকৰ দায়িত্বত থকা মামুন ইমদাদুল হক চৌধুৰীয়ে।
বিধায়ক চৌধুৰীৰ স্পষ্ট মত, শাসকীয় বিজেপিক উৎখাত কৰাৰ স্বাৰ্থতে বিৰোধী দলৰ ভোট বিভাজন ৰোধৰ অংকত কংগ্ৰেছ, এআইইউডিএফ আৰু বিভিন্ন সৰু ডাঙৰ দলে মহাজোঁট গঠন কৰিছে। উত্তৰ পাৰৰ বিৰোধীৰ একমাত্ৰ বিধায়ক গৰাকীৰ মতে, ২০২১ চনত ৰাজ্যত বিৰোধীৰ মহাজোঁটৰ চৰকাৰ গঠন হ’ব।