মুখ্যপৃষ্ঠা »খবৰ »অসম »মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একানায়কত্ববাদ চলাই আছে, এই শাসন বেছিদিন নচলিবঃ কৰিমুদ্দিন বৰভূঞা

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একানায়কত্ববাদ চলাই আছে, এই শাসন বেছিদিন নচলিবঃ কৰিমুদ্দিন বৰভূঞা

কংগ্ৰেছ নিলাজৰ দল আখ্যা সোণাইৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাৰ।

কংগ্ৰেছ নিলাজৰ দল আখ্যা সোণাইৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাৰ।

কংগ্ৰেছ নিলাজৰ দল আখ্যা সোণাইৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাৰ।

  • Share this:

কংগ্ৰেছ আৰু বিজেপিক সমালোচনা AIUDFৰ। কংগ্ৰেছ নিলাজৰ দল আখ্যা সোণাইৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাৰ। ১৩৫ বছৰীয়া এটা পুৰণি পাৰ্টীয়ে AIUDFক তেওঁলোকৰ চামিল হ'বলৈ খাতিৰ কৰি থকাটো দুৰ্ভাগ্যজনক বুলি কয় আজমলৰ দলৰ সাধাৰণ সম্পাদকগৰাকীয়ে।


কৰিমুদ্দিন বৰভূঞাৰ মতে AIUDF সদায় থাকিব , প্ৰয়োজনত কংগ্ৰেছ খটম হৈ যাব। বিজেপিৰ সমালোচনাটো মুখৰ হৈ পৰে এআইইউডিএফৰ কেন্দ্ৰীয় কমিটীৰ সাঃ সম্পাদকগৰাকী। কৰিমুদ্দিন বৰভূঞাৰ মতে, বিজেপিৰ ৱান পইন্ট এজেন্ডা। কেৱল AIUDFক সমালোচনা কৰাটো বিজেপিৰ কাম।


দেশত গণতন্ত্ৰ জীয়াই আছে বুলি কয় এআইইউডিএফে। কৃষক আন্দোলনে প্ৰধানমন্ত্ৰীকো সেও মানিবলৈ বাধ্য কৰালে বুলি কয় কৰিমুদ্দিন বৰভূঞাই। অসমতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একানায়কত্ববাদ চলাই আছে, এই শাসন আৰু বেছি দিন চলাব নোৱৰিব বুলি কয় সোণাইৰ জনপ্ৰিধিগৰাকীয়ে।


তেওঁ কয়– 'কৃষক আন্দোলনৰ পৰা আমি অসমবাসীয়েও শিক্ষা লোৱা উচিত। 'কা' আন্দোলনটো কিয় বন্ধ কৰা হ'ল সেয়া পৰ্যালোচনাৰ প্ৰয়োজন আছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় এআইইউডিএফৰ জনপ্ৰতিনিধিগৰাকীয়ে।

শেহতীয়া বাতৰি