• Home
  • »
  • News
  • »
  • assam
  • »
  • 'AIUDF MLA FOR SALE'-এই টেগ লগাব পাৰে AIUDFয়েঃ কমলাক্ষ দে পুৰকায়স্থ

'AIUDF MLA FOR SALE'-এই টেগ লগাব পাৰে AIUDFয়েঃ কমলাক্ষ দে পুৰকায়স্থ

বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী ৰিপুণ বৰাই AIUDFৰ সমৰ্থনত টিকট পোৱাৰ বাবদ AIUDFয়ে বৰাৰ পৰা ১কোটি ৬০ লাখ টকা লৈছিল বুলি বিস্ফোৰক দাবী কৰিছিল কমলাক্ষই ৷

  • Share this:
ৰাজ্যসভাৰ নিৰ্বাচনৰ পূৰ্বৰে পৰা বদৰুদ্দিন আজমল নেতৃত্বাধীন AIUDFৰ বিৰুদ্ধে সৰৱ হৈ আছিল প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক কমলাক্ষ দে পুৰকায়স্থ ৷ ৰাজ্যসভাৰ নিৰ্বাচনত কংগ্ৰেছ আৰু AIUDFৰ দুয়োটা দল একাংশ বিধায়কৰ কৰ্ম-কাণ্ডক লৈ পুনৰ সৰৱ হৈ পৰিছে কমলাক্ষ দে পুৰকায়স্থ ৷

বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী ৰিপুণ বৰাই AIUDFৰ সমৰ্থনত টিকট পোৱাৰ বাবদ AIUDFয়ে বৰাৰ পৰা ১কোটি ৬০ লাখ টকা লৈছিল বুলি বিস্ফোৰক দাবী কৰিছিল কমলাক্ষই ৷ যাক লৈ বিপাঙত পৰিছিল ৰিপুণ বৰা আৰু শাসকীয় BJPৰ কৰ্কথনাৰ সন্মুখীন হয় কংগ্ৰেছ দল ৷

ইয়াৰ পিছত সোমবাৰে পুনৰ সৰব হৈ উঠিল বিধায়ক কমলাক্ষ দে পুৰকায়স্থ ৷ সাংবাদিকৰে হোৱা বাৰ্তালাপত কমলাক্ষই ক'লে- ""AIUDF MLA FOR SALE" এই টেগ লগাব পাৰে AIUDFৰ বিধায়কে ৷ বিধানসভাৰ টিকট ল'বলৈ আজমলক কোটি টকা দিছিল AIUDFৰ বিধায়কে ৷ সেয়ে ৰাজ্যসভাত বিধায়কক বিক্ৰী কৰিছিল AIUDFৰ নেতৃত্বই ৷”

লগতে কমলাক্ষ দে পুৰকায়স্থই ক'লে- "প্ৰতিটো ৰাজ্যসভা নিৰ্বাচনতে বিক্ৰী যায় AIUDFৰ MLA ৷ ৰিপুণ বৰাই ১ কোটি ৬০ লাখ টকা দিয়াৰ কথা যেতিয়া অস্বীকাৰ কৰিছে, এই বিষয়ত এতিয়া মই একো নকও আৰু ৷ কিন্তু AIUDFৰ বিধায়কে টকাৰ ভাগ বতৰাৰ কথা পতা মই নিজ কেনে শুনিছো। ৷ মছজিদত গৈ শপত খাওক এআইডিইউএফৰ বিধায়কে ৷”
Published by:Himangshu Bhuyan
First published: