মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Sipajhar Eviction: ''চৰকাৰক তেজ লাগে, কাৰণ উপ–নিৰ্বাচন আৰু লোকসভা নিৰ্বাচন আহি আছে...''

Sipajhar Eviction: ''চৰকাৰক তেজ লাগে, কাৰণ উপ–নিৰ্বাচন আৰু লোকসভা নিৰ্বাচন আহি আছে...''

News18 Assam | News18-Assam
Updated:September 23, 2021, 8:50 PM IST
Sipajhar Eviction: ''চৰকাৰক তেজ লাগে, কাৰণ উপ–নিৰ্বাচন আৰু লোকসভা নিৰ্বাচন আহি আছে...''
চৰকাৰ ব্যৰ্থ, নিবনুৱা সমস্যাই অসমক ছানি ধৰিছে, অসম আৰ্থিকভাৱে পংগু হৈ পৰিছে বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে

চৰকাৰ ব্যৰ্থ, নিবনুৱা সমস্যাই অসমক ছানি ধৰিছে, অসম আৰ্থিকভাৱে পংগু হৈ পৰিছে বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে

  • News18 Assam
  • Last Updated: September 23, 2021, 8:50 PM IST
  • Share this:

দৰঙৰ গৰুখুঁটিৰ উচ্ছেদক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে৷ জুৰীয়াৰ পৰমাইভেটিস্থিত নিজা বাসগৃহত সাংবাদিকৰ সন্মুখত বিস্ফোৰক মন্তব্য প্ৰকাশ কৰি নিশা বাৰ বজাৰ পিছত উচ্ছেদৰ জাননী দি পুৱাই উচ্ছেদ অভিযান চলোৱাটো গণতান্ত্ৰিক চৰকাৰৰ কৰণীয় নেকি বুলি উল্লেখ কৰে।


পৃথিৱীৰ ইতিসাহত এনে ঘটনা হৈছে নেকি বুলি বিধায়ক আমিনুল ইছলামে প্ৰশ্ন কৰে ৷ বিধায়ক ইছলামে কয়– 'বৰ্তমান চৰকাৰক তেজ লাগে, কাৰণ আগন্তুক দিনত উপ–নিৰ্বাচন আৰু পিছত আহি আছে অসমত লোকসভা নিৰ্বাচন। কিন্তু চৰকাৰ ব্যৰ্থ, নিবনুৱা সমস্যাই অসমক ছানি ধৰিছে, অসম আৰ্থিকভাৱে পংগু হৈ পৰিছে, গতিকে চৰকাৰক ইছ্যু লাগে, চৰকাৰক তেজ লাগে আৰু  অসমত ৰক্তপাতৰ soft target হ'ল ধৰ্মীয় সংখ্যালঘুসকল ৷'


বিধায়ক আমিনুল ইছলামে কয় যে চৰকাৰে জানি–বুজিয়েই ৬–৭ ঘণ্টাতকৈও কম সময়ৰ ভিতৰত জাননী দি দুজনকৈ লোকক গুলীয়াই হত্যা কৰিছে। ইছলামে এই হত্যাকাণ্ডক গৰিহণা দি চৰকাৰক ধিক্কাৰ দিয়ে ৷ বিধায়কগৰাকীয়ে লগতে কেমেৰা হাতত লৈ যিজন দুষ্কৃতিকাৰীয়ে পুলিচৰ গুলীত আহত এজন লোকক মৰিয়াই মৰিয়াই হত্যা কৰিছে, তেওঁক ছয় ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিবলৈ চৰকাৰক দাবী জনায় ৷



অন্যথা  ইয়াৰ পিছত যদি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়, তাৰ বাবে অসম চৰকাৰ জগৰীয়া হ'ব বুলি একপ্ৰকাৰ হুংকাৰ প্ৰদান কৰে ৷ লগতে যিসকল আৰক্ষী বিষয়া আৰু চক্ৰ বিষয়াই মছজিদ ভাঙিছে, তেওঁলোকক চাকৰিৰ পৰা নিলম্বিত কৰি শাস্তিমূলক ব্যবস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ৷


ইছলামে প্ৰশ্ন কৰে– 'কাৰ্বি আংলং, উজনি অসমত বহু কিলোমিটাৰ চৰকাৰী ভূমি পৰি আছে, তাত চৰকাৰে কৃষি প্ৰকল্পৰ নামত এক টকাও ধাৰ্য কৰা নাই, কিন্তু গৰুখুঁটিত ৭০ বছৰ ধৰি কৃষি কৰি থকা কৃষকক উচ্ছেদ কৰি কৃষি প্ৰকল্প কিয় কৰিব লাগে?' ইয়াতেই চৰকাৰৰ আচল ষড়যন্ত্ৰ ওলাই পৰে বুলি বিধায়ক আমিনুল ইছলামে মন্তব্য কৰে ৷

Published by: Gautam Barman
First published: September 23, 2021, 8:50 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি