দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ তবলিগী জামাতত অংশগ্ৰহণ কৰা বহু ব্যক্তিৰ পৰা সমগ্ৰ ভাৰতবৰ্ষতে কোৰোণা সংক্ৰমিত হোৱাৰ বাতৰি প্ৰচাৰৰ পিছতেই ছচিয়েল মিডিয়াত বিভিন্ন বিতৰ্কিত পোষ্টৰে চৰ্চিত হৈছিল ধিং সমষ্টিৰ বিধায়ক তথা এআইইউডিএফৰ নেতা আমিনুল ইছলাম। আনকি সমাজৰ এটা বিশেষ শ্ৰেণীক বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক কথা বতৰাৰে প্ৰৰোচিত কৰিবলৈও চেষ্টা কৰিছিল বিধায়কজনে। বিধায়কজনে কৰা এনে কামক বহুতে চোকা সমালোচনা কৰি থকাৰ সময়তে সোমবাৰে নগাওঁ আৰক্ষীৰ এটা বৃহৎ দলে বিধায়কজনক লৈ আহিল নগাঁও আৰক্ষীৰ অতিথিশালালৈ।
বিধায়ক গৰাকীৰ ধিঙৰ বাসগৃহত সোমবাৰে নিশা আৰক্ষীৰ এটা বৃহৎ দল উপস্থিত হৈ তেঁওক নগাঁৱলৈ লৈ আনে। ইতিমধ্যে নগাঁও আৰক্ষী অধীক্ষকৰ লগতে উচ্চপদস্থ আৰক্ষী বিষয়াই বিধায়ক গৰাকীক সোধা-পোছা অব্যাহত ৰাখিছে। এক বিশেষ সূত্ৰৰ তথ্য অনুসৰি বিধায়কগৰাকীক গ্ৰেপ্তাৰৰো সম্ভাৱনা আছে। উল্লেখযোগ্য যে বিধায়ক গৰাকীয়ে তবলিগী জামাত আৰু ক'ৰোণা সন্দৰ্ভত বহু বিতৰ্কিত মন্তব্য আগবঢ়াইছিল।