• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘দল খোলাৰ বাবে অখিল গগৈয়ে বিচাৰিছিল ১০ কোটি, ধন নোপোৱাৰ বাবেই AIUDF কয় সাম্প্ৰদায়িক’ – ক’লে আমিনুল ইছলামে

‘দল খোলাৰ বাবে অখিল গগৈয়ে বিচাৰিছিল ১০ কোটি, ধন নোপোৱাৰ বাবেই AIUDF কয় সাম্প্ৰদায়িক’ – ক’লে আমিনুল ইছলামে

জিএমচিএইচৰ কেবিনত থকাৰ সময়ত এআইইউডিএফৰ প্ৰতিনিধিয়ে সাক্ষাৎ কৰিছিল অখিল গগৈক। পেয়িং কেবিনত থাকোতে বিজেপিৰে বৈঠক হৈছিল অখিলৰ।

জিএমচিএইচৰ কেবিনত থকাৰ সময়ত এআইইউডিএফৰ প্ৰতিনিধিয়ে সাক্ষাৎ কৰিছিল অখিল গগৈক। পেয়িং কেবিনত থাকোতে বিজেপিৰে বৈঠক হৈছিল অখিলৰ।

জিএমচিএইচৰ কেবিনত থকাৰ সময়ত এআইইউডিএফৰ প্ৰতিনিধিয়ে সাক্ষাৎ কৰিছিল অখিল গগৈক। পেয়িং কেবিনত থাকোতে বিজেপিৰে বৈঠক হৈছিল অখিলৰ।

  • Share this:
অখিল গগৈৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আমিনুল ইছলামৰ। আজি অসম বিধানসভাৰ চৌহদত এ আই ইউ ডি এফৰ বিধায়কগৰাকীয়ে আনে এই অভিযোগ। আমিনুল ইছলামে কয় যে দল গঠনৰ বাবে অখিল গগৈয়ে ১০ কোটি টকা বিচাৰিছিল। টকা নোপোৱাৰ বাবেই মহাজোঁটৰ অংশ হোৱা নাছিল ৰাইজৰ দল।

আমিনুল ইছলামে কয়, ‘‘অখিল গগৈৰ লগত কেইবাবাৰো আলোচনা হৈছিল আমাৰ। সেই সময়ত মহাজোঁট গঠনৰ প্ৰক্ৰিয়া চলি আছিল। তেতিয়া অখিল গগৈয়ে কৈছিল, দল গঠনৰ বাবে ১০ কোটি টকাৰ প্ৰয়োজন হৈছিল তেওঁৰ। সংগঠনৰ আৰ্থিক অভাৱৰ কথা কৈছিল। অখিল গগৈয়ে মহাজোঁটত চামিল হোৱাৰ আশ্বাস দিছিল। সেই সময়ত এআইইউডিএফক সাম্প্ৰদায়িক বুলি কেতিয়াও কোৱা নাছিল অখিল গগৈয়ে।’’

জিএমচিএইচৰ কেবিনত থকাৰ সময়ত এআইইউডিএফৰ প্ৰতিনিধিয়ে সাক্ষাৎ কৰিছিল অখিল গগৈক। পেয়িং কেবিনত থাকোতে বিজেপিৰে বৈঠক হৈছিল অখিলৰ। তাৰ পিছত তেওঁ সলনি হৈ গ'ল আৰু এআইইউডিএফৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল। অভিযোগ আমিনুল ইছলামৰ।

আমিনুল ইছলামৰ মতে, তেওঁ দুই ধৰণে মহাজোঁটক ক্ষতি কৰাৰ বিৰুদ্ধে দুই ধৰনে বিজেপিক লাভান্বিত কৰিছিল। অখিল গগৈয়ে দাবী কৰা নাছিল, ৰাজনৈতিক দল গঠনৰ নামত তেওঁ ১০ কোটি বিচাৰিছিল। টকা নিদিয়াৰ বাবেই এআইইউডিএফক অখিলে সাম্প্ৰদায়িক বুলি অভিহিত কৰিছে। মহাজোঁটক আউল নলগাবলৈ অখিলক আহ্বান আমিনুল ইছলামৰ। এআইইউডিএফক বাদ দি মহাজোঁটৰ সফলতা সম্ভৱ নহয় বুলিও মন্তব্য কৰে বিধায়কজনে।

অৱশ্যে আমিনুল ইছলামে কয় যে টকা দাবী কৰা বুলি ক'লে ভুল বুজা যায়। আমাৰ সৈতে অখিল গগৈৰ গুড অন ফেইথ আলোচনাহে হৈছিল। সেই সময়ত অখিল গগৈয়ে নতুনকৈ দল খোলাৰ কথা চিন্তা কৰি আছিল। তেতিয়া নামো ঠিক হোৱা নাছিল। মহাজোঁট তেতিয়াও গঠন হোৱা নাছিল। অখিল গগৈয়ে আমাৰ সৈতে আলোচনাত কৈছিল যে আমাক দল খুলিবলৈ ১০ কোটি মান টকাৰ প্ৰয়োজন হ'ব। সেই সময়ত যিহেতু মহাজোঁটৰ আলোচনা হৈ আছিল তেওঁ মহাজোটৰ ফালৰ পৰা টকা খিনি পোৱাৰ আশা কৰিছিল।

আমিনুল ইছলামে কয়, ‘‘অখিল গগৈয়ে কৈছিল মই যিহেতু জে’লত আছো, আমাৰ সংগঠনৰ মানুহখিনিৰো ফোন টেপিং হৈ আছে গতিকে আমাৰ শুভাকাংক্ষী কাকো ফোন কৰিব পৰা নাই। খুবেই আন্তৰিক পৰিৱেশত এই কথাখিনি হৈছিল। মই কথাখিনি কোৱাৰ অৰ্থ এয়াই যে তেতিয়া অখিল গগৈয়ে AIUDFক সাম্প্ৰদায়িক বুলি কোৱা নাছিল বা AIUDF থাকিলে মহাজোঁটত নাথাকো বুলিও কোৱা নাছিল। পৰৱৰ্তী সময়ত মই দলৰ কৰ্ণধাৰ সমিতিত এই কথাখিনি আলোচনা কৰিছিলো যদিও সেই সময়ত আমাৰ দলৰ ইমান ধন দিব পৰা অৱস্থাত নাছিল। কিন্তু লক্ষণীয় ভাবে বিজেপিৰ এজন সদস্যই অখিল গগৈক জিএমচিএইচৰ পেয়িং কেবিনত সাক্ষাৎ কৰাৰ পিছত তেওঁৰ সুৰ সলনি হৈছিল আৰু আমাক সাম্প্ৰদায়িক আখ্যা দিছিল। আমি অখিল গগৈক টকা দিয়া নাছিলো। তেওঁ দাবী কৰাও নাছিল।’’
Published by:Sanjay Kumar Das
First published: