
নিকৃষ্ট ৰাজনীতিৰে সাম্প্ৰদায়িক উচতনি দিয়া বিধায়ক আমিনুল ইছলামক নিশা ২বজালৈকে জেৰা কৰিছিল নগাঁও আৰক্ষীয়ে
নিকৃষ্ট ৰাজনীতিৰে সাম্প্ৰদায়িক উচতনি দিয়া বিধায়ক আমিনুল ইছলামক নিশা ২বজালৈকে জেৰা কৰিছিল নগাঁও আৰক্ষীয়ে
কোৰোণা ভাইৰাছ প্ৰতিৰোধৰ বিৰুদ্ধে সাম্প্ৰদায়িক উচতনি দিয়া আমিনুল ইছলামক অৱশেষত গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে। বিশ্বজুৰি ভয়ংকৰ ৰূপ ধাৰণ কৰা কোৰোণাৰ সংহাৰ লীলাৰ পৰা সাধাৰণ জনতাক ৰক্ষাৰ বাবে অসম চৰকাৰে কৰা প্ৰয়াসক বিফল কৰিবলৈ নিকৃষ্ট ৰাজনীতিৰে সাম্প্ৰদায়িক উচতনি দিয়া বিধায়ক আমিনুল ইছলামক নিশা ২বজালৈকে জেৰা কৰিছিল নগাঁও আৰক্ষীয়ে।
জেৰাৰ অন্তত অৱশেষত আমিনুল ইছলামক নগাঁও আৰক্ষীৰ অতিথিশালাতে গ্ৰেপ্তাৰ কৰা হৈছে। অৱশ্যে আমিনুল ইছলামক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰৰো সম্ভাৱনা আছে যদিও সেই বিষয়ে বৰ্তমানলৈকে আৰক্ষী তথা প্ৰশাসনে কোনো তথ্য স্পষ্ট কৰা নাই। উল্লেখযোগ্য যে তবলিগী জামাতৰ পৰা অহা লোকক বিপথে পৰিচালিত কৰিবলৈ আমিনুল ইছলামে ভয়ংকৰ সাম্প্ৰদায়িক উচতনি দিছিল।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|