‘মই সকলোৰে ওচৰত ক্ষমা বিচাৰিছো’। অৱশেষত ক্ষমা বিচাৰিলে আমিনুল ইছলামে। আহোম সম্প্ৰদায়ৰ ওচৰত বিধায়কগৰাকীৰ ক্ষমা ভিক্ষা। ‘আটাছু’ৰ মুখ্য কাৰ্যালয়লৈ গৈ ক্ষমা বিচাৰিলে ধিংৰ AIUDFৰ বিধায়কজনে। চাওলুং চ্যুকাফাৰ প্ৰতীকী মৈদামতো ফুল ছটিয়াই সেৱা জনালে বিধায়কজনে।
![]()
উল্লেখযোগ্য যে, কেইদিনমান পূৰ্বে অসমীয়া জাতিৰ অন্যতম অংশীদাৰ আহোম জনগোষ্ঠীৰ বিৰুদ্ধে কটু মন্তব্য কৰিছিল বিধায়ক আমিনুল ইছলামে। আমিনুল ইছলামে আমোৰ সকলক অসমৰ খিলঞ্জীয়া নহয় বুলি কোৱাৰ লগতে, মিঞাসকলকহে অসমৰ প্ৰকৃত খিলঞ্জীয়া বুলি মন্তব্য কৰিছিল।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|