সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা চমুকৈ এআইইউডিএফৰ বিধায়িনী দলৰ নেতা হাফিজ বছিৰ আহমেদ কাছিমি অসুস্থ। শুকুৰবাৰে নিশা অকস্মাৎ অসুস্থ অনুভৱ কৰা বিলাসীপাৰা পশ্চিম সমষ্টিৰ জ্যেষ্ঠ বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমিক গুৱাহাটীৰ হেল্থ চিটী হাস্পতালত ভৰ্তি কৰোৱা হয়। দীৰ্ঘ দিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত কাছিমি এতিয়া সংকটমুক্ত বুলি জনাইছে তেওঁৰ চিকিৎসকে। পশ্চিম বিলাসীপাৰা সমষ্টিৰ পৰা ২০০৬ চনৰ পৰা একেৰাহে চাৰিবাৰৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা হাফিজ বছিৰ আহমেদ কাছিমিৰ আশু আৰোগ্য কামনা কৰিছে এআইইউডিএফৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলৰ লগতে এআইইউডিএফৰ দুই সাধাৰণ সম্পাদক ক্ৰমে আমিনুল ইছলাম আৰু কৰিমুদ্দিন বৰভূঞাই।
ইফালে দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ কংগ্ৰেছৰ জ্যেষ্ঠ বিধায়ক ছিদ্দিক আহমেদৰ স্বাস্থ্যৰ যথেষ্ট উন্নত হৈছে। কোভিডত আক্ৰান্ত হৈ শৰীৰত অক্সিজেনৰ পৰিমাণ কম হোৱা ছিদ্দিক আহমেদকো শিলচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও সম্প্ৰতি সুস্থ হৈছে প্ৰাক্তন মন্ত্ৰীগৰাকী। মাজতে অসম গণ পৰিষদৰ আমগুৰি সমষ্টিৰ জ্যেষ্ঠ বিধায়ক প্ৰদীপ হাজৰিকা আৰু এআইইউডিএফৰ চেঙাৰ নৱাগত বিধায়ক আশ্ৰাফুল হুছেইনো কোভিডত অসুস্থ হৈ সম্প্ৰতি সুস্থ হৈছে। এজনৰ পিছত আনজন বিধায়ক অকস্মাত অসুস্থ হৈ চিকিৎসাধীন হৈ পৰা ঘটনাত চিন্তিত হৈ পৰিছে সচেতন মহল। সকলোৱে আশা কৰিছে যে ১২ জুলাইৰ পৰা ১৩ আগষ্টলৈ চলিবলগীয়া পঞ্চদশ অসম বিধানসভাৰ প্ৰথমখন বাজেট অধিৱেশনত সকলো সুস্থ হৈ অংশগ্ৰহণ কৰিব পাৰিব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|