অসমৰ একমাত্ৰ ডবকা পৌৰসভাখন কংগ্ৰেছ-এআইউডিএফৰ দখলত থকা সত্ত্বেও পৌৰসভা গঠনত বিজেপি মিত্ৰজোঁটক সহায় কৰাক লৈ AIUDFৰ যমুনামুখ সমষ্টিৰ প্ৰাক্তন সাধাৰণ সম্পাদক মোহাম্মদ আলীক বদৰউদ্দিন আজমলৰ নিৰ্দেশত শ্ব'কজ দিয়াক লৈ চৌদিশে প্ৰতিক্ৰিয়া আৰাম্ভ হৈছে৷
অসমৰ একমাত্ৰ ডবকা পৌৰসভাখন কংগ্ৰেছ -AIUDFৰ সংখ্যাগৰিষ্ঠতা আছিল। যোৱা ২১ এপ্ৰিলত শপত লোৱাৰ পিছত আজি হোজাই জিলা AIUDF য়ে সংবাদ মেল অনুষ্ঠিত কৰে। যমুনামুখ সমষ্টি কমিটীৰ ডবকাত থকা মুখ্য কাৰ্যালয় হোজাই জিলা সমিতিয়ে সাংবাদমেল অনুষ্ঠিত কৰি যমুনামুখ সমষ্টিৰ AIUDF নেতা তথা সমষ্টিটোৰ প্ৰাক্তন সাধাৰণ সম্পাদক মোহাম্মদ আলীৰ বিৰুদ্ধে সৰৱ হৈ উঠে।
ডবকা পৌৰসভা গঠন কৰাত AIUDF নেতা মোহাম্মাদ আলীয়ে বিজেপি মিত্ৰজোঁটক সহায় কৰাক লৈ AIUDF নেতাজনৰ বিৰুদ্ধে অনুশাসন ভংগৰ অভিযোগত দলীয় শ্ব'কজ জাৰি কৰে৷ AIUDF ৰ হোজাই জিলা সমিতিয়ে সংবাদ মেল অনুষ্ঠিত কৰি মোহাম্মদ আলীৰ বিৰুদ্ধে বিভিন্ন অভিযোগ তুলি তিনি দিনৰ সময়সীমা ধাৰ্য কৰি কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|