সোমবাৰৰ দিনটোতে AAPৰ কাৰ্যালয়ত যোগদান কৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যবাহী সদস্য ব্ৰজেন সন্দিকৈয়ে।
সোমবাৰৰ দিনটোতে AAPৰ কাৰ্যালয়ত যোগদান কৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যবাহী সদস্য ব্ৰজেন সন্দিকৈয়ে।
ৰাজ্যত এতিয়া দলৰ ভেঁটি সুদৃঢ় কৰাৰ দিশে অগ্ৰসৰ হৈছে আম আদমী পাৰ্টী। প্ৰতিদিনেই দলটোত যোগদান কৰিছে সাধাৰণ লোকৰ লগতে আন দলৰ একাংশ নেতা-নেত্ৰীয়ে। সোমবাৰে আম আদমী পাৰ্টীত যোগদান কৰে নাওবৈছা সমষ্টিৰ AIUDFৰ প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হক চৌধুৰীয়ে। ২০১৬ত নাওবৈচা সমষ্টিৰ পৰা জয়লাভ কৰা মানুন ইমদাদুলে ২০২১ত দলীয় টিকটৰ পৰা বঞ্চিত হৈছিল। কাৰণ সেই সময়ত কংগ্ৰেছ মহাজোঁটৰ অংশীদাৰ AIUDF-এ সমষ্টিটো কংগ্ৰেছ দলক এৰি দিছিল। টিকট বঞ্চিত হোৱাৰ পিছৰে পৰা ৰাজনীতিৰ পৰা আঁতৰি আছিল মামুন।
আম আদমী পাৰ্টীত যোগদান কৰি মামুন ইমদাদুল হক চৌধুৰীয়ে কয় যে, 'দিল্লীৰ নেতৃত্বৰ লগত আলোচনা কৰি ভিজনসমূহ মিলাৰ বাবে আপত যোগদান কৰিছো। এয়া মাথো আৰম্ভণি। পঞ্জাৱ বা দিল্লীৰ নিচিনাকৈ নহয়, অসমৰ ষ্টাইলত কাম কৰিব আপে। বিজেপিক পৰাস্ত কৰিব আপে পাৰিব।'
ইফালে সোমবাৰৰ দিনটোতে AAPৰ কাৰ্যালয়ত যোগদান কৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যবাহী সদস্য ব্ৰজেন সন্দিকৈয়ে। সন্দিকৈয়ে কয় যে, 'দলটো এৰি আহি বেয়া লাগিছে। শীৰ্ষ লিডাৰে কথা নুশুনা হল। অসমত আম আদমী পাৰ্টিয়ে ভাল ভাল দেখুৱাব লোকসভা আৰু বিধানসভা নিৰ্বাচনত। 26ত অসমত আদমী পাৰ্টিয়ে চৰকাৰ গঠন কৰিব। বহু শীৰ্ষ কংগ্ৰেছ নেতাই আপত যোগদান কৰিব।'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|