• Home
  • »
  • News
  • »
  • assam
  • »
  • গোসাঁইগাঁৱত কান্দি কান্দি ভোটভিক্ষা AIUDFৰ সভাপতি বদৰুদ্দিন আজমলৰ

গোসাঁইগাঁৱত কান্দি কান্দি ভোটভিক্ষা AIUDFৰ সভাপতি বদৰুদ্দিন আজমলৰ

বিধায়ক আমিনুল ইছলামে ভাষণত কয়, লখ্যালঘুৰ ওপৰত হোৱা অত্যাচাৰ সন্দৰ্ভত বিধানসভাত প্ৰতিবাদ কৰাৰ বাবে এই আই ইউ ডি এফ সাম্প্ৰদায়িক দল।

বিধায়ক আমিনুল ইছলামে ভাষণত কয়, লখ্যালঘুৰ ওপৰত হোৱা অত্যাচাৰ সন্দৰ্ভত বিধানসভাত প্ৰতিবাদ কৰাৰ বাবে এই আই ইউ ডি এফ সাম্প্ৰদায়িক দল।

বিধায়ক আমিনুল ইছলামে ভাষণত কয়, লখ্যালঘুৰ ওপৰত হোৱা অত্যাচাৰ সন্দৰ্ভত বিধানসভাত প্ৰতিবাদ কৰাৰ বাবে এই আই ইউ ডি এফ সাম্প্ৰদায়িক দল।

  • Share this:
মঙলবাৰে গোসাঁইগাঁও বিধানসভা সমষ্টিৰ কাচাৰিগাঁৱত এআইইউডিএফৰ এখন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। সভাত উপস্থিত থাকে এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমল। সাংসদ বদৰুদ্দিন আজমলে কয়, ‘‘বিটিএডিৰ গোষ্ঠীগত সংঘৰ্ষৰ সময়ত মই সাতদিন বিলাসীপাৰাত কেম্পত আছিলো। বিটিএডিৰ গোষ্ঠীগত সংঘৰ্ষত যেতিয়া হাজাৰ হাজাৰ মানুহ গৃহহাৰা হৈ খাবলৈ আৰু থাকিবলৈ ঠাই নাছিল তেতিয়া কংগ্ৰেছৰ এজন মন্ত্ৰী ফুটবল খেল চাবলৈ দক্ষিণ আফ্ৰিকালৈ গৈছিল। বিটিএডিত এজনো বাংলাদেশী নাই এই কথা মই কান্দি কান্দি সদনত কৈছিলো।’’

ইউপিপিএল আৰু বিজেপিক সমালোচনা কৰি আজমলে কয়, ‘‘ইউ পি পি এলৰ ডাঙৰ গুৰু হ'ল হিমন্ত বিশ্ব শৰ্মা। ইউ পি পি এলক ভোট নিদিব। পদুম ফুলে গাখীৰ দিয়া কথা জীৱনত শুনা নাই।’’

আজমলে নিৰ্বাচনী সভাত হুকহুকাই কান্দি ৰাইজক এআইইউডিএফৰ প্ৰাৰ্থী খাইৰুল আনাম খন্দকাৰক ভোট দিবলৈ আহ্বান জনায়। লগতে বদৰুদ্দিন আজমলৰ তলা–চাবি মজবুত কৰি ৰখাৰ আহ্বান জনায় সাংসদ বদৰুদ্দিন আজমলে।

আনহাতে, বিধায়ক আমিনুল ইছলামে ভাষণত কয়, লখ্যালঘুৰ ওপৰত হোৱা অত্যাচাৰ সন্দৰ্ভত বিধানসভাত প্ৰতিবাদ কৰাৰ বাবে এই আই ইউ ডি এফ সাম্প্ৰদায়িক দল। সংখ্যালঘু সকলক ডি ভোটাৰ আৰু বাংলাদেশী সজাই  ডিটেনশন কেম্পত ৰখা হয় ইয়াৰ প্ৰতিবাদ কৰাৰ বাবে এই আই ইউ ডি সাম্প্ৰদায়িক দল। প্ৰথম এন আৰ চিত সংখ্যালঘুৰ মানুহবোৰক বাদ দিয়াৰ যেতিয়া চক্ৰান্ত হয় তাৰ প্ৰতিবাদ কৰাৰ বাবেই এ আই ইউ ডি এফ সাম্প্ৰদায়িক দল। এআইইউডিএফ দলক প্ৰথম সাম্প্ৰদায়িক দল বুলি কংগ্ৰেছে মন্তব্য কৰিছে। কংগ্ৰেছে সংখ্যালঘুসকলক ডি ভোটাৰ সজাই ডিটেনচন কেম্পত বন্দী কৰে, সংখ্যালঘুৰ যিমান সমস্যা সকলো কংগ্ৰেছৰ সৃষ্টি।’’
Published by:Sanjay Kumar Das
First published: