বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / অসম / কংগ্ৰেছৰ সন্মুখত ডাঙৰ প্ৰত্যাহ্বান সৃষ্টিৰে পাঁচ লোকসভা সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদানৰ সিদ্ধান্ত AIUDFৰ; কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা আজমলৰ

কংগ্ৰেছৰ সন্মুখত ডাঙৰ প্ৰত্যাহ্বান সৃষ্টিৰে পাঁচ লোকসভা সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদানৰ সিদ্ধান্ত AIUDFৰ; কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা আজমলৰ

কংগ্ৰেছৰ সন্মুখত ডাঙৰ প্ৰত্যাহ্বান সৃষ্টিৰে পাঁচ লোকসভা সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদানৰ সিদ্ধান্ত AIUDFৰ; কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা আজমলৰ

কংগ্ৰেছে এআইডিইউএফৰ সৈতে মিত্ৰতা নকৰাৰ কথাৰ সময়তে বদৰুদ্দিন আজমলৰ ৰাজ্যৰ পাঁচ সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপৰ বৃহৎ সিদ্ধান্ত

  • News18 Assam Assam
  • Last Updated :
News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

কংগ্ৰেছে ‘হাথ সে হাথ জোড়ো যাত্ৰা’ আৰম্ভ কৰাৰ সময়তে এআইডিইউএফৰ বৃহৎ ঘোষণা। এআইডিইউএফ প্ৰধান বদৰুদ্দিন আজমলে অসমৰ পাঁচটা লোকসভা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপৰ ঘোষণা কৰিছে। লগতে আজমলে কংগ্ৰেছ দলক তুলাধুনা দিয়ে।

কংগ্ৰেছে এআইডিইউএফৰ সৈতে মিত্ৰতা নকৰাৰ কথাৰ সময়তে বদৰুদ্দিন আজমলে পাঁচ সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপৰ বৃহৎ সিদ্ধান্তই স্বাভাৱিকতেই কংগ্ৰেছৰ দখলত থকা নগাঁও, কলিয়াবৰ আৰু বৰপেটাত বৃহৎ পৰিমাণৰ প্ৰভাৱ পেলাব পাৰে। এআইডিইউএফৰ প্ৰাৰ্থী প্ৰক্ষেপৰ ঘোষণাৰ পিছতেই এই তিনি সমষ্টিত প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈ আৰু আব্দুল খালেকে বিপদৰ সন্মুখীন হ’ব পাৰে।

বিজ্ঞাপন

২০১৯ত এই তিনি সমষ্টিৰ ভিতৰত নগাঁও আৰু কলিয়াবৰত AIUDFএ কোনো প্ৰাৰ্থী দিয়া নাছিল। কিন্তু, এইবাৰ মৌলানা বদৰুদ্দিন আজমলে কংগ্ৰেছৰ প্ৰতি নৰম স্থিতি ৰখা নাই৷ আজমলে বিজেপিৰ প্ৰতি নমনীয় স্থিতিৰে ক’লে যে ধুবুৰীত কি হ’ব, বাকী সমষ্টিত কি হ’ব, আজমলৰ দলে কেইখন আসন পাব৷ তেওঁ কয় যে, ‘‘আমি পাঁচটা সমষ্টিত প্ৰাৰ্থী দিম ৷ কলিয়াবৰ, বৰপেটা, নগাঁও, ধুবুৰী, কৰিমগঞ্জত আমি প্ৰাৰ্থী দিম ৷ তিনি চাৰিটা সমষ্টি আমি জিকি যাম৷ ধুবুৰীত বিজেপিয়ে জিকিব নোৱাৰিম বুলি কৈয়েই দিছে৷ ধুবুৰীত যে কংগ্ৰেছে মোক হৰুৱাই দিম বুলি কৈ থাকে এইটো পুৰণি ডাইলগ। কংগ্ৰেছে পুৰণি ডাইলগ এৰক ৷ ছেলিম জাভেদ ডাইলগ কিমান দিব, পাঠানৰ ডাইলগ মাৰক কংগ্ৰেছে।’’

লগতে আজমলে কয়, ‘‘আজিৰ সমীক্ষাই কয় কংগ্ৰেছ শাসনলে আহিব নোৱাৰিব। এখন এখন ৰাজ্যৰ এটা এটা সমষ্টিক লৈ বাধ্যত পৰিব আমাৰ কাষ চাপিবলৈ। আমি বাট চাই আছোঁ সেই দিনটোলৈ।’’

এআইডিইউএফ প্ৰধান বদৰুদ্দিন আজমলৰ লগতে কয়,  ‘‘কংগ্ৰেছৰ শত্ৰু কোন মিত্ৰ কোন, কংগ্ৰেছে হেনো দিনত বিজেপিক গালি পাৰে আৰু ৰাতি হ’লে টকা ল’বলৈ বিজেপিৰ সন্মুখত শাৰি পাতে৷  কংগ্ৰেছৰ ‘হাথ সে হাথ জোড়ো’কো সমালোচনা কৰে আজমলে ৷’’ বদৰুদ্দিন আজমলৰ মতে ‘‘আজি হাথ সে হাথ জোড়ো, কাইলৈ কৰিব গলা সে গলা মিলো,  তাৰ পিছত লাথ সে লাথ মিলাও কৰিব কংগ্ৰেছে ৷’’

বিজ্ঞাপন
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন