ৰাজ্যসভাৰ বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী সন্দৰ্ভত চলিছে জল্পনা–কল্পনা। অহা ১২ মাৰ্চত এই সন্দৰ্ভত নতুন দিল্লীত কংগ্ৰেছ হাই কমাণ্ডৰ সৈতে বৈছকত বহিব আৰু AIUDF। সেই বৈঠকতে এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব।
ইফালে, ৰাজ্যসভাৰ এখন আসনক লৈ বিস্ফোৰক মন্তব্য আগবঢ়াইছে এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে। তেওঁ কয় যে কংগ্রেছৰ ৰাজ্যিক নেতৃত্বক আস্থাত ল’ব পৰা নাই। ছোনিয়া গান্ধীয়ে যদি কথা দিয়ে আমি চিন্তা কৰিম।
ক'ৰ কমিটীৰ বৈঠকৰ পিছতে ছোনিয়া গান্ধীৰ ওচৰলৈ যাব AIUDFৰ প্ৰতিনিধি দল। আজমলে কয়, এখন আসনক লৈ ‘নিয়ত’ ঠিক ৰাখিলে কি হ’ব? আমাক এটাও ফোন নকৰাকৈ মহাজোট ভংগ কৰিছিল কংগ্রেছে। ২০২৪ত লক্ষ্য কি হ’ব সেয়া স্থিৰ হব লাগে।