১৮ জুলাই দেশৰ ১৬ সংখ্যক ৰাষ্ট্ৰপতি নিৰ্বাচন। কোন হ’ব দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপ্ৰধান? এনডিএৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু নে ইউপিএ'ৰ প্ৰাৰ্থী যশৱন্ত সিনহা? এই প্ৰশ্নকৈ এতিয়া গোটেই দেশত চলিছে চৰ্চা। বিজেপি নেতৃত্বাধীন নেচনেল ডেম’ক্ৰেটিক এলায়েন্সৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুক পৰাস্ত কৰিবলৈ একগোট হৈছে গোটেই বিৰোধী শিবিৰ। কিন্তু ইয়াৰ মাজতে এআইইউডিএফ দলৰ প্ৰধান মৌলানা বদৰুদ্দিন আজমলে কৰিছে এক গুৰুত্বপূৰ্ণ মন্তব্য।
ৰাষ্ট্ৰপতি নিৰ্বাচনত এনডিএ'ৰ প্ৰাৰ্থীক ভোট দিয়াৰ বাবে AIUDFৰ প্ৰতিনিধিসকলে চিন্তা–চৰ্চা কৰিছে বুলি মন্তব্য কৰে আজমলে। দেওবাৰে নিশা হাইলাকান্দিত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰি বদৰুদ্দিন আজমলে কয়, বিৰোধী দল হিচাপে AIUDF দলে ইউপিএৰ প্ৰাৰ্থীক সমৰ্থন কৰাৰ সিদ্ধান্ত লৈছিল। কিন্তু প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাই কৰা বিদ্ৰূপমূলক মন্তব্যৰ বাবে তেওঁলোকে এই সিদ্ধান্ত সলনি কৰাৰ সম্ভাবনা আছে।
আজমলে কয়, ছোনিয়া গান্ধীয়ে AIUDFক সহায় কৰাৰ আহ্বান কৰাৰ পিছতো ভূপেন বৰাই বিৰূপ মন্তব্য কৰি ষড়যন্ত্ৰ কৰিছে। AIUDFৰ বিৰুদ্ধে মন্তব্য কৰি তেওঁ ছোনিয়া গান্ধীৰো অপমান কৰিছে বুলি উল্লেখ কৰে বদৰ উদ্দিন আজমলে। লগতে প্ৰদেশ কংগ্ৰেছ সভাপতি এগৰাকী ‘বিগ জিৰো’ বুলিও মন্তব্য কৰে AIUDF দলৰ মুৰব্বী বদৰুদ্দিন আজমলে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|