AIUDF প্ৰধান বদৰুদ্দিন আজমল অসুস্থ, হোজাইৰ হাম হাস্পতালত ভৰ্তি

News18-Assam
Updated:November 26, 2019, 7:37 AM IST
AIUDF প্ৰধান বদৰুদ্দিন আজমল অসুস্থ, হোজাইৰ হাম হাস্পতালত ভৰ্তি
সম্পূৰ্ণ সুস্থ নোহোৱালৈকে আৰু কেইদিনমান চিকিৎসালয়ত থাকিব আজমল

সম্পূৰ্ণ সুস্থ নোহোৱালৈকে আৰু কেইদিনমান চিকিৎসালয়ত থাকিব আজমল

  • Share this:
চিকিৎসালয়ত ভৰ্তি AIUDF প্ৰধান বদৰুদ্দিন আজমল। হোজাইৰ হাম চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আজমল। দেওবাৰে হাস্পতালত ভৰ্তি কৰোৱা হয় আজমলক। জ্বৰ, মধুমেহ আৰু শ্বাস–প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈছে আজমল। পূৰ্বৰ তুলনাত স্বাস্থ্যৰ কিছু উন্নতি ঘটিছে বুলি চিকিৎসক ডঃ আদিত্য লাংথাছাই জানিবলৈ দিছে NEWS18ক।

সম্পূৰ্ণ সুস্থ নোহোৱালৈকে আৰু কেইদিনমান চিকিৎসালয়ত থাকিব আজমল। আজমলৰ স্বাস্থ্যৰ বুজ ল’বলৈ নিশা উপস্থিত হয় ভাতৃ আমিৰ উদ্দিন আজমল, চিৰাজউদ্দিন আজমল, প্ৰাক্তন বিধায়ক পুত্ৰ আৰু অন্যান্য বহু লোক।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি