• Home
  • »
  • News
  • »
  • assam
  • »
  • হিমন্ত বিশ্বই নিজেতো মুখ্যমন্ত্ৰীৰ আসনত বহিব নোৱাৰেই, সেয়ে চকু মেলিয়েই ভাৱে আজমলৰ কথা : বদৰুদ্দিন আজমল

হিমন্ত বিশ্বই নিজেতো মুখ্যমন্ত্ৰীৰ আসনত বহিব নোৱাৰেই, সেয়ে চকু মেলিয়েই ভাৱে আজমলৰ কথা : বদৰুদ্দিন আজমল

মুখ্যমন্ত্ৰীৰ চকীত কংগ্ৰেছেই বহিব৷ ২১ত এ আই ইউ ডি এফ দলে নহয়, মহাজোঁট বন্ধনে চৰকাৰ গঠন কৰিব।’’ – ক’লে বদৰুদ্দিন আজমলে।

মুখ্যমন্ত্ৰীৰ চকীত কংগ্ৰেছেই বহিব৷ ২১ত এ আই ইউ ডি এফ দলে নহয়, মহাজোঁট বন্ধনে চৰকাৰ গঠন কৰিব।’’ – ক’লে বদৰুদ্দিন আজমলে।

মুখ্যমন্ত্ৰীৰ চকীত কংগ্ৰেছেই বহিব৷ ২১ত এ আই ইউ ডি এফ দলে নহয়, মহাজোঁট বন্ধনে চৰকাৰ গঠন কৰিব।’’ – ক’লে বদৰুদ্দিন আজমলে।

  • Share this:
বৰপেটাৰ খণ্ডকাৰপাৰাত এ আই ইউ ডি এফৰ কৰ্মীসভা ৷ সভাত এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ লগতে কেইবাগৰাকীও নেতাই অংশগ্ৰহণ কৰে। বদৰুদ্দিন আজমলে বৰপেটাত দলটোৰ সাংগঠনিক ভেটি শক্তিশালী হোৱা বুলি দাবী কৰে৷ অৱশ্যে কোৰোণাৰ বাবে পৰিয়ালৰ লোক, শুভাকাংক্ষী আৰু চিকিৎসকেও জনসমাগম এৰাই চলিবলৈ অনুৰোধ জনাই অহাৰ কথা উল্লেখ কৰি আজমলৰ মন্তব্য - ৫ বছৰ পিচত নিৰ্বাচন আহিছে, গতিকে ঘৰত সোমাই বহি থাকিলেতো নহ’ব৷ অৱশ্যে যিমান পাৰে নিজক সমাগমৰ পৰা আঁতৰাই ৰখাৰ চেষ্টা কৰিব বুলি মন্তব্য কৰে বদৰুদ্দিন আজমলে৷ অৱশ্যে সভাত অধিকসংখ্যক লোকক দেখা নগ’ল মাস্ক পিন্ধা, নাই কোনো সামাজিক দূৰত্ব।

এই সভাৰ পিছত সাংবাদিকৰে হোৱা বাৰ্তালাপত আজমলে কয় – ‘‘বিজেপিয়ে এতিয়া সংখ্যালঘুক মুৰ্গী হিচাপে পালন কৰি আছে ৷ যেতিয়াই সময় আহিব তেতিয়াই কাটি খাব৷’’

এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলৰ দাবী, জানুৱাৰীত মহাজোঁট বন্ধনৰ সকলো প্ৰক্ৰিয়া চূড়ান্ত হ’ব৷ আনহাতে, বৰপেটা জিলাৰ পূৰ্বতে এ আই ইউ ডি এফৰ দখলত থকা ৪টা সমষ্টিত এইবাৰো দলটোৱে প্ৰাৰ্থিত্ব দিব আৰু জয়ী হ’ব বুলি মন্তব্য কৰে আজমলে৷

ড০ হিমন্ত বিশ্ব শৰ্মাই আজমলক উদ্দেশ্যি কৰি অহা সমালোচনা সম্পৰ্কত মন্তব্য কৰি আজমলে কয়  – ‘‘মই হিমন্ত বিশ্বক সমালোচনা কৰা নাই, মই তেওঁক প্ৰশংসাহে কৰি আহিছো৷’’

আনহাতে, অসমত নতুন নতুন ৰাজনৈতিক দল গঠন হোৱা সম্পৰ্কে মন্তব্য কৰিবলৈ অস্বীকাৰ কৰি আজমলে ক’লে – সকলো ৰাজনৈতিক দলক একলগ কৰাৰ ওপৰত গুৰুত্ব দিব আৰু এ আই ইউ ডি এফ দলে সকলোকে একত্ৰিত কৰাৰ উদ্যোগ গ্ৰহণ কৰিব।

‘‘মুখ্যমন্ত্ৰীৰ চকীৰ সৈতে আজমলৰ কোনো সম্পৰ্ক নাই৷ হিমন্ত বিশ্বই নিজেতো মুখ্যমন্ত্ৰীৰ আসনত বহিব নোৱাৰেই, সেয়ে তেওঁ চকু মেলিয়েই ভাৱে আজমল মুখ্যমন্ত্ৰীৰ চকীত বহিছে৷ অকল বদৰুদ্দিন আজমলেই নহয়, এ আই ইউ ডি এফৰ কোনোৱেই মুখ্যমন্ত্ৰীৰ দাবীদাৰ নহয়। মুখ্যমন্ত্ৰীৰ চকীত কংগ্ৰেছেই বহিব৷ ২১ত এ আই ইউ ডি এফ দলে নহয়, মহাজোঁট বন্ধনে চৰকাৰ গঠন কৰিব।’’ – ক’লে বদৰুদ্দিন আজমলে।

উপ-পৰিদৰ্শক কেলেংকাৰীৰ সৈতে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈকে লিংক আছে আৰু ইয়াৰ তদন্ত হ’ব লাগে বুলি দাবী কৰি কেলেংকাৰীত জড়িতসকলৰ ফাঁচীৰ দাবী তোলে আজমলে৷
আজমলৰ মন্তব্য- কেচ–তেছ পিছত হ’ব, কেলেংকাৰীত জড়িতসকলক আগতে ফাঁচি হ’ব লাগে৷
Published by:Sanjay Kumar Das
First published: