মুখ্যপৃষ্ঠা »খবৰ »অসম »AIUDF Chief in Barpeta : ''জেহাদীক গুলী কৰে, ফাঁচি দিয়ে তাত আমাৰ কোনো আপত্তি নাই, জেহাদী জেহাদীয়েই ৷'' বৰপেটাত বদৰুদ্দিন আজমল

AIUDF Chief in Barpeta : ''জেহাদীক গুলী কৰে, ফাঁচি দিয়ে তাত আমাৰ কোনো আপত্তি নাই, জেহাদী জেহাদীয়েই ৷'' বৰপেটাত বদৰুদ্দিন আজমল

''এইখন চৰকাৰে ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ কৰাৰ সপোন দেখি আছে ৷ আমি কিন্তু কোনোদিনে  মুছলিম ৰাষ্ট্ৰ কৰাৰ কথা কোৱা নাই ৷''

''এইখন চৰকাৰে ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ কৰাৰ সপোন দেখি আছে ৷ আমি কিন্তু কোনোদিনে  মুছলিম ৰাষ্ট্ৰ কৰাৰ কথা কোৱা নাই ৷''

  • Share this:
বৰপেটাত AIUDF ৰ বিশাল কৰ্মীসভা আৰু যোগদান সমাৰোহত উপস্থিত থাকে দলৰ সভাপতি বদৰুদ্দিন আজমল ৷ আজমলৰ উপস্থিতিত বৰপেটাৰ প্ৰাক্তন বিধায়ক ৰহিম খানে কংগ্ৰেছ ত্যাগ কৰি আজি AIUDFত যোগদান কৰে ৷

AIUDFত যোগদান কৰি ৰহিম খানে নিজৰ ভুল স্বীকাৰ কৰি দলৰ বাবে কাম কৰি যোৱাৰ অংগীকাৰ কৰে ৷ দলৰ কেইবাজনো বিধায়ক আৰু নেতাৰ উপস্থিতিত যোগদান সমাৰোহত অংশগ্ৰহণ কৰি AIUDF প্ৰধান বদৰুদ্দিন আজমলে কয়- ''অসমত বিজেপি এক নম্বৰ শত্ৰু৷
প্ৰতিদিনে অসমত মাদ্ৰাছাৰ মানুহক লৈ আছে ৷ বিজেপিয়ে সকলোতকৈ ধৰ্মীয় ৰাজনীতি কৰি আছে ৷ '২৪ত বিজেপিয়ে পুনৰ শাসনলৈ অহাৰ সপোন দেখিছে ৷ মোদী চৰকাৰে সমগ্ৰ ভাৰতৰ ১০ শতাংশ সংখ্যালঘুৰ ভোট আদায়ৰ লক্ষ্য লৈছে ৷ আমাৰ মুছলমান ভাইসকলে পূৰ্বৰ নিৰ্বাচনত গলিয়ে গলিয়ে, বিজেপিৰ পতাকা উৰুৱাইছে ৷ টকাৰ বাবে সকলো বিক্ৰী গৈছে ৷ দেশত আমাক শান্তি লাগে ৷''

আজমলে লগতে কয়-  ''আজি উত্তৰ প্ৰদেশৰ মানুহ শান্তিত আছে নেকি? উত্তৰ প্ৰদেশৰ য'তে ত'তে বুলড'জাৰ চলিছে ৷ ৰাজহুৱা স্থানটো বাদেই ঘৰতো নামাজ পঢ়াত বাধা প্ৰদান কৰিছে।  এইখন চৰকাৰে ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ কৰাৰ সপোন দেখি আছে ৷ আমি কিন্তু কোনোদিনে  মুছলিম ৰাষ্ট্ৰ কৰাৰ কথা কোৱা নাই ৷''

''আপোনালোকে হিন্দু ৰাষ্ট্ৰৰ সপোনটো পাহৰি যাওক'' বুলি বিজেপিক কটাক্ষ কৰে আজমলে ৷ বিজেপিক নিবনুৱা সমস্যা দূৰ কৰাত গুৰুত্ব দিবলৈ আহ্বান জনায় তেওঁ
বিগত বছৰটোত ভাৰতৰ পৰা দুই লাখ পৰিয়ালে ভাৰতৰ পৰা পলায়ন কৰা বুলি টাইমছ অৱ ইণ্ডিয়াৰ উদ্ধৃতি দিয়ে। বিজেপিয়ে সাম্প্ৰদায়িকতা এৰিব লাগিব বুলি উল্লেখ কৰি তেওঁ অসমত তৃণমূল আৰু আপে সাংগঠনিক তৎপৰতা আৰম্ভ কৰাৰ কথা উল্লেখ কৰি এই দল দুটাক উলাই নকৰিবলৈ দলীয় নেতৃত্ব আৰু কৰ্মীসকলৰ প্ৰতি আহ্বান জনায়।

ইপিনে সংখ্যালঘুসকলৰ শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ বাবে আহ্বান জনাই আজমলে কয়-   ''জেহাদীক গুলী কৰে, ফাঁচী দিয়ে তাত আমাৰ কোনো আপত্তি নাই ৷ জেহাদী জেহাদীয়েই ৷''

কিন্তু মাদ্ৰাছাসমুহ ধ্বংস কৰি থকাৰ কথা উল্লেখ কৰি তেওঁ কয় যে সাধাৰণ মানুহে কণী, মুৰ্গী বিক্ৰী কৰি পোৱা টকাৰে মাদ্ৰাছা নিৰ্মাণ কৰিছিল ৷ অথচ চৰকাৰে একেদিনাই এই মাদ্ৰাছাবোৰ ভাঙি পেলাইছে ৷

ইপিনে অহা লোকসভা নিৰ্বাচনক লৈ আজমলৰ মন্তব্য- অহা নিৰ্বাচনত বৰপেটাত AIUDF জিকিবই ৷ আব্দুল খালেকে বুজি পাইছে তেওঁ এইবাৰ হাৰিব ৷ সেয়ে মোৰ ওপৰত খং কৰি আছে ৷

সাংবাদিকৰ আগত আজমলৰ মন্তব্য— কংগ্ৰেছৰ নেতা-বিধায়ক সদায় গৈ আছে ৷ কংগ্ৰেছ শেষ হৈ গৈছে।

আজিৰ পৰাই লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনৰ ৰণশিঙা আৰম্ভ হোৱা বুলি ঘোষণা কৰে আজমলে। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰা সম্পৰ্কত আজমলে কয় মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি মাদ্ৰাছা ভাঙি নেপেলাবলৈ আহ্বান জনোৱা হৈছে।

শেহতীয়া বাতৰি