‘অসমৰ ৭০ৰ পৰা ৮০ হাজাৰ মুছলমানক গৃহহীন কৰাৰ পৰিকল্পনা ৰচিছে চৰকাৰে’

বদৰুদ্দিন আজমল পানী নোহোৱা পুখুৰীৰ চেঙেলী মাছ, আজমলক উভতি ধৰি ক’লে মমিনুল আৱালে।
বদৰুদ্দিন আজমল পানী নোহোৱা পুখুৰীৰ চেঙেলী মাছ, আজমলক উভতি ধৰি ক’লে মমিনুল আৱালে।
- News18 Assam
- Last Updated: January 20, 2020, 6:38 PM IST
দেওবাৰ নিশা খতমে বুখাৰিত ভাগ লৈ আজমলে লগতে কয়, "যোৱা ১০০ বছৰত ভাৰতত এনে ধৰনৰ জালিম আইন হোৱা নাই। আজিলৈকে খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণ কৰিব পৰা নাই চৰকাৰে। সংসদ আৰু বিধানসভাই নিৰ্ধাৰণ কৰিব পৰা নাই কিন্তু তাৰ পিছতো অসমৰ ৭০ৰ পৰা ৮০ হাজাৰ মুছলমানক ঘৰৰ পৰা বেঘৰ কৰাৰ পৰিকল্পনা ৰচিছে। ভূমি দখল কৰাৰ বাবে চৰ অঞ্চলত থকা মুছলমানৰ হাজাৰ হাজাৰ বিঘা মাটি গুৱাহাটী, শিৱসাগৰ, ডিব্ৰুগড়ৰ NGO কিছুমানক বহুৱাৰ পৰিকল্পনা কৰা হৈছে। যোৱা ৫০–৬০ বছৰ ধৰি খেতি কৰি অহা মুছলমানৰ মাটি দখল কৰাৰ চেষ্টা চলাইছে চৰকাৰে। আগতেও ডাঙৰ ডাঙৰ জালিমসকল আছিল, সকলো শেষ হৈছে, গতিকে বৰ্তমানৰ শাসনো শেষ হ'ব। তাৰ বাবে আমি আল্লাৰ ওচৰত দোৱা কৰিব লাগিব৷ সকলো এক হ'ব লাগিব৷"
আজমলে ৰাজহুৱা সভাত কৰা এই মন্তব্যৰ পিছত সাংসদগৰাকীক উভতি ধৰিছে বিজেপি নেতা মমিনুল আৱালে৷ আজমলক উভতি ধৰি আৱালে ক'লে– "অসমক ইছলামিক ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ এটা শক্তি উঠি–পৰি লাগিছে। শক্তিটোৱে কেতিয়াবা বদৰুদ্দিন আজমলৰ, কেতিয়াবা শ্বেৰমান আলীৰ, আব্দুল খালেকৰ, কেতিয়াবা বুদ্ধিজীৱীৰ ৰূপ লয়৷ আজমল বহুৰূপী৷ সাতখনমান ছিম আছে আজমলৰ৷ কেতিয়াবা অসমীয়াৰ, কেতিয়াবা প্ৰব্ৰজনকাৰীৰ, কেতিয়াবা ডুবাইৰ, কেতিয়াবা আতৰৰ ব্যৱসায়ীৰ ছিম কাৰ্ড লয় আজমলে৷ খিলঞ্জীয়াক সুৰক্ষা দিবলৈ ওলোৱাত পানী শুকোৱা পুখুৰীত চেঙেলীয়ে জপিওৱাৰ দৰে জপিয়াইছে আজমলে৷"