কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ কথা কৈ কৈ ভিতৰি কংগ্ৰেছৰ ভেটিত সিন্ধি খান্দিবলৈ তৎপৰ হৈ উঠিছে বদৰুদ্দিন আজমল নেতৃত্বাধীন AIUDF ৷ ইয়াৰ চিন হিচাপে কংগ্ৰেছৰ দখলত থকা তিনিটা সমষ্টিত সাংগঠনিক ভেটি সুদৃঢ় কৰিবলৈ আজমলে চলাই চেষ্টা ৷
নতুন অংকত বদৰুদ্দিন আজমল ৷ কংগ্ৰেছৰ ভেটিত সিন্ধি খন্দাৰ ব্লুপ্ৰিণ্ট আজমলৰ !
![]()
Barpeta
মুখেৰে বদৰুদ্দিনন আজমল নেতৃত্বাধীন AIUDF-এ কংগ্ৰেছক কয় বিগ ব্ৰাডাৰ বুলি ৷ বিগ ব্ৰাডাৰ কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰি আসন্ন বিধানসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা কৈ আহিছে আজমলৰ দলে ৷ কিন্ত মুখৰ কথা আৰু কামৰ মাজত যেন এতিয়া মিলা নাই আজমল বাহিনীৰ। কংগ্ৰেছৰ দখলত তথা তিনিটা সমষ্টি এইবাৰ নিজৰ দখললৈ আনিবলৈ তৎপৰ বদৰুদ্দিন আজমল নেতৃত্বাধীন AIUDF।
এই কাৰ্যসূচী মতে, কংগ্ৰেছৰ দখলত থকা সমষ্টি কেইটাত সাংগঠনিক কাম-কাজৰ বাবে ঘূৰিব আজমল ৷ ১৯ জানুৱাৰীত আজমল যাব বাঘবৰ সমষ্টিলৈ ৷ শ্বেৰমান আলীৰ দখলত থকা বাঘবৰ সমষ্টি এই হিচাপত AIUDFৰ টাৰ্গেটত ৷
অহা ২৭ জানুৱাৰীত আজমল যাব লাহৰীঘাট সমষ্টিলৈ ৷ দীৰ্ঘদিনে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ডাঃ নজৰুল ইছলামৰ দখলত থকা লাহৰীঘাট সমষ্টিও AIUDFৰ নজৰত ৷ একেদৰে জাকিৰ হুছেইন শিকদাৰৰ দখলত থকা সৰুক্ষেত্ৰী সমষ্টিও ৰেহাই পোৱা নাই AIUDFৰ টাৰ্গেটৰ পৰা ৷ ৩০ জানুৱাৰীত আজমল যাব সৰুক্ষেত্ৰী সমষ্টিলৈ ৷
কংগ্ৰেছৰ দখলত থকা এই তিনিটা সমষ্টিত ঘূৰি-পকি আজমলে নিজৰ কব্জালৈ অনাৰ পাং পাতিছে ৷
সকলোৰে প্ৰশ্ন- আচলতে কাৰ মানুহ বদৰুদ্দিন আজমল? BJPৰ এজেণ্ট নেকি আজমল? নে কংগ্ৰেছৰে একাংশৰ ব্লুপ্ৰিণ্ট মতে কাম কৰিছে আজমলে? বিষয়টোৱে এতিয়া ৰাজ্যৰ ৰাজনীতিত ব্যাপক চৰ্চা লাভ কৰিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|