২৮নং গোসাঁইগাঁও বিধানসভা সমষ্টিত উপ-নিৰ্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দলৰ ৰথী-মহাৰথী আৰু হেভিৱেট নেতাই নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি এটা দলে আন দলক সমালোচনা কৰাৰ দৰেই আজি এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলেও কংগ্ৰেছ আৰু বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰে৷
গোসাঁইগাঁৱত দলীয় নিৰ্বাচনী প্ৰচাৰ সভাত বদৰুদ্দিন আজমলে মন্তব্য কৰে– ''মুখ্যমন্ত্ৰী মানসিকভাৱে বিকাৰগ্ৰস্ত হৈছে, নহ'লে তলা-চাবিয়ে গাখীৰ নিদিয়াৰ কথা নক'লেহেঁতেন, কাৰণ তলা–চাবি গৰু নহয় যে ই গাখীৰ দিব। তলা–চাবিয়ে কেতিয়াও গাখীৰ নিদিয়ে। হাতেও গাখীৰ দিব নোৱাৰে আনকি পদুম ফুলেও গাখীৰ দিব নোৱাৰে। তলা–চাবিয়ে গাখীৰ দিয়া–নিদিয়াৰ দৰে আবোল–তাবোল কথা মানসিক বিকাৰগ্ৰস্ত মানুহেহে ক'ব পাৰে।''
আনহাতে কংগ্ৰেছ দল সম্পৰ্কে উল্লেখ কৰি আজমলে কয়– ''১৩০ বছৰীয়া কংগ্ৰেছ দল বুঢ়া হৈছে, পানীৰ গিলাচ ধৰিব নোৱাৰে, হাত কঁপে। বিগত ষাঠি বছৰে দেশ শাসন কৰি ৰাইজৰ বাবে কংগ্ৰেছ চৰকাৰখনে একো নকৰিলে৷ ৰাইজক বিভিন্ন ধৰণে ভয়-ভীতি প্ৰদৰ্শন কৰি ভোট আদায় কৰা কংগ্ৰেছ দলে গৰাখহনীয়া সমস্যাৰ সমাধান নকৰিলে৷ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপ-নৈসমূহে সৃষ্টি কৰা খহনীয়াত লাখ লাখ মানুহৰ ভেটি মাটি, ঘৰ-বাৰী নিশ্চিহ্ন হ’ল৷ এই সকলক স্থায়ীভাবে সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰা নহ’ল, যাৰ বাবে ধলপুল, গৰুখুঁটিৰ দৰে হৃদয় বিদাৰক, দেশক লজ্জানত কৰা মৰ্মান্তিক ঘটনা সংঘটিত হ’ল৷''
আজমলে কংগ্ৰেছ চৰকাৰে ডি ভোটাৰৰ সমস্যা ইচ্ছাকৃতভাৱে জীয়াই ৰাখি ভোট আদায়ৰ ৰাজনীতি কৰিলে বুলি উল্লেখ কৰি ভূমি পট্টাৰ সমস্যা, ডিটেনচন কেম্পৰ বাবে কংগ্ৰেছক দায়ী কৰে।
অসম বিধানসভাৰ ২৮নং গোসাঁইগাঁও সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনত দলীয় প্ৰাৰ্থী খাইৰুল আনাম খন্দকাৰৰ হৈ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি সভাপতিগৰাকীয়ে কংগ্ৰেছৰ ভঙা হাতত ভোট দি লাভ নাই বুলি কটাক্ষ কৰে৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|