‘এতিয়া একো নকও, কিন্তু সময়ে ইয়াৰ উত্তৰ দিব’- নগাঁৱত সাংবাদিকৰ সন্মুখত এই মন্তব্য এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামৰ। নগাঁও আৰক্ষীয়ে সাম্প্ৰদায়িক আৰু উচতনিমূলক মন্তব্য কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা আমিনুল ইছলামৰ জামিন বিচাৰি তেওঁৰ অধিবক্তা আবুল হুছেইন খণ্ডকাৰে আজি নগাঁও ছেছন কৰ্টত জামিন আবেদন দাখিল কৰিছিল যদিও আদালতে তেঁওৰ আবেদন নাকচ কৰে।
অসম আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰণ শাখাই ৰুজু কৰা ৫/২০২০ গোচৰৰ ভিত্তিত আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰণ শাখাৰ এটা দলে বিধায়ক গৰাকীক শনিবাৰে নিজৰ জিম্মালৈ নিয়ে। ইতিমধ্যে আৰক্ষীৰ দলটোৱে বিধায়কগৰাকীক নগাঁও জিলা কাৰাগাৰৰ পৰা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে গুৱাহাটীলৈ লৈ যায়।
উল্লেখযোগ্য যে, কোৰোণা ভাইৰাছৰ নামত চৰকাৰে এটা বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি লৈছিল বুলি অভিযোগ কৰিছিল আমিনুল ইছলামে। আনকি বিভিন্ন সাম্প্ৰদায়িক কথা বতৰাৰে আমিনুলে উচতনি দিয়াৰো চেষ্টা কৰিছিল। ভাইৰেল হৈছিল এটা অডিঅ’ ক্লীপ।
ইপিনে আমিনুল ইছলামৰ জামিন বিচাৰি বাৰে বাৰে বিফল হোৱা তেওঁৰ অধিবক্তা আবুল হুছেইন খণ্ডকাৰে উচ্চ ন্যায়ালয়ৰ কাষ চাপিব বুলিও জানিব পৰা গৈছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|