உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বদৰুদ্দিন আজমলে পূৰ্বতে আগৰ-আতৰৰ ব্যৱসায় কৰিছিল এতিয়া টিকটৰ ব্যৱসায় কৰে ! দহ কোটিত হাইলাকান্দি জিলাৰ এটা সমষ্টি বিক্ৰী কৰিছিল আজমলে, AIUDFৰ মূৰব্বীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ...

    বদৰুদ্দিন আজমলে পূৰ্বতে আগৰ-আতৰৰ ব্যৱসায় কৰিছিল এতিয়া টিকটৰ ব্যৱসায় কৰে ! দহ কোটিত হাইলাকান্দি জিলাৰ এটা সমষ্টি বিক্ৰী কৰিছিল আজমলে, AIUDFৰ মূৰব্বীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ...

    আজমলে পূৰ্বতে আগৰ, আতৰৰ ব্যৱসায় কৰিছিল এতিয়া টিকটৰ ব্যৱসায় কৰে। বিগত নিৰ্বাচনত হাইলাকান্দিৰ এটা সমষ্টি আজমলে দহ কোটিত বিক্ৰী কৰিছে বুলি কয় আমিনুল হক লস্কৰে।

    আজমলে পূৰ্বতে আগৰ, আতৰৰ ব্যৱসায় কৰিছিল এতিয়া টিকটৰ ব্যৱসায় কৰে। বিগত নিৰ্বাচনত হাইলাকান্দিৰ এটা সমষ্টি আজমলে দহ কোটিত বিক্ৰী কৰিছে বুলি কয় আমিনুল হক লস্কৰে।

    আজমলে পূৰ্বতে আগৰ, আতৰৰ ব্যৱসায় কৰিছিল এতিয়া টিকটৰ ব্যৱসায় কৰে। বিগত নিৰ্বাচনত হাইলাকান্দিৰ এটা সমষ্টি আজমলে দহ কোটিত বিক্ৰী কৰিছে বুলি কয় আমিনুল হক লস্কৰে।

    • Share this:
    সাংসদ মৌলানা বদৰুদ্দিন আজমল আৰু তেওৰ দলৰ বিৰুদ্ধে সৰৱ বিজেপিৰ সংখ্যালঘু নেতা তথা অসম বিধান সভাৰ প্ৰাক্তন উপাধ্যক্ষ আমিনুল হক লস্কৰ। আমিনুল হক লস্কৰৰ স্পষ্ট অভিযোগ সাংসদ বদৰুদ্দিন আজমলে দহ কোটিত হাইলাকান্দি জিলাৰ এটা সমষ্টিৰ টিকট বিক্ৰী কৰিছিল।

    আজমলে পূৰ্বতে আগৰ, আতৰৰ ব্যৱসায় কৰিছিল এতিয়া টিকটৰ ব্যৱসায় কৰে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সোনাই সমষ্টিৰ বিজেপিৰ প্ৰাক্তন বিধায়কজনে। সাংসদ মৌলানা বদৰুদ্দিন আজমল আৰু তেওৰ দলৰ বিৰুদ্ধে সৰৱ বিজেপিৰ সংখ্যালঘু নেতা আমিনুল হক লস্কৰ। বৰাক উপত্যকাৰ সোনাই সমষ্টিৰ পূৰ্বৰ জনপ্ৰতিনিধি গৰাকীৰ স্পষ্ট অভিযোগ "AIUDF দল ৰাজনৈতিক দল নহয়, এইটো সাম্প্ৰদায়িক দল"। অসম বিধান সভাৰ প্ৰাক্তন উপাধ্যক্ষ তথা বিজেপি নেতা আমিনুল হক লস্কৰৰ মতে এআইইউডিএফৰ ম্যাদ এতিয়া শেষ। যিকোনো মুহূৰ্তত ভংগ হব সাম্প্ৰদায়িক দলটো। এআইইউডিএফ দলক মৌলানা বদৰুদ্দিন আজমলৰ ব্যক্তিগত কোম্পানী আখ্যা আমিনুল হক লস্কৰৰ। আমিনুল হক লস্কৰে নিউজ ১৮ ক জনায় যে বদৰুদ্দিন আজমলে পূৰ্বতে আগৰ, আতৰৰ ব্যৱসায় কৰিছিল এতিয়া সমষ্টিত টিকটৰ ব্যৱসায় কৰে। বিজেপি দলে বিগত নিৰ্বাচনত কংগ্ৰেছ আৰু এআইইউডিএফক ধৰাশায়ী কৰিছে। বিভিন্ন সমষ্টিত এআইইউডিএফৰ প্ৰাৰ্থীৰ আমানতৰ ধন বাজেয়াপ্ত হৈছে। ইয়াৰোপৰি আজমলৰ দলে কাৰ ভোট পায় সেই কথাও কলে বৰাকৰ শাসকীয় নেতাগৰাকীয়ে। আমিনুল হক লস্কৰৰ মতে AIUDF দলে খিলঞ্জীয়া মুছলমানৰ ভোট নাপাই, সন্দেহযুক্ত বাংলাদেশী মূলৰ ভোট পায়। উল্লেখযোগ্য যে সোনাই সমষ্টিত আমিনুল হক লস্কৰে এআইইউডিএফৰ সাধাৰণ সম্পাদক কৰিমুদ্দিন বৰভূঞাৰ হাতত পৰাস্ত হৈছে। সেই গৰাকী বিধায়ক কৰিমুদ্দিন বৰভূঞাই ভূৱা শিক্ষাগত প্ৰমান পত্ৰ দিয়াৰ অভিযোগ তুলি তেওৰ বিধায়ক পদ খাৰিজ কৰিব লাগে বুলি আমিনুল হক লস্কৰে ন্যায়ালয়ৰ কাষ চাপিছে।
    Published by:Kokil Sarma
    First published: