নুমলীগড় শোধনাগাৰত কৰ্মৰত অসম উদ্যোগিক নিৰাপত্তা বাহিনীৰ এজন জোৱানে বৃহস্পতিবাৰে বিয়লী বায়’ ৰিফাইনেৰীৰ সমীপৰ ৰজাবাৰী শিবিৰৰ ভিতৰতে নিজা চাৰ্ভিছ অটোমেটিক এচেলাৰ বন্দুকেৰে গুলীয়াই আত্মহত্যা কৰাৰ চেষ্টা কৰাৰ.সন্দেহ৷
বন্দুকৰ পৰা ওলোৱা দুজাঁই গুলীৰ এজাঁই বুকুত লগাৰ বিপৰীতে আনজাঁই গুলী প্ৰায় পাঁচশ মিটাৰ আঁতৰৰ এটা পৰিয়ালৰ চোতালত পৰে ৷ চোতালত খেলি থকা এটি শিশুৰ কথমপি প্ৰাণৰক্ষা পৰে ৷ আঘাতপ্ৰাপ্ত জোৱানজন নগাঁৱৰ লিংচিং ৰাৱতীয়া বুলি জানিব পৰা গৈছে ৷
ইতিমধ্যে নুমলীগড় আৰক্ষী আৰু গোলাঘাট সদৰ উপ আৰক্ষী অধীক্ষক মাধুৰ্য বৰা ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে আহত জোৱানজনক এন আৰ এল বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয়ত চিকিৎসা প্ৰদানৰ পিছতে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীস্থিত হায়াট হাস্পতাললৈ প্ৰেৰণ কৰে। সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এক চাঞ্চল্যই বিৰাজ কৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।