লকডাউনৰ সময়ত ভয়ংকৰ বায়ু প্ৰদূষণৰ কৱলত যোৰহাট, চৌদিশ চানিছে ক’লা ধোঁৱাই

জাৱৰ জ্বলোৱাৰ ফলত ভয়ংকৰ প্ৰদূষণ।
কোৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ দেশ জুৰি অব্যাহত থকা লকডাউনৰ সময়চোৱাত যোৰহাটত দেখিবলৈ পোৱা গৈছে এই ভয়াবহ দৃশ্য।
লকডাউনৰ ফলত সমগ্ৰ দেশতে অভাৱনীয় ভাৱে হ্ৰাস পাইছে বায়ু প্ৰদূষণ । কিন্তু এই ক্ষেত্ৰত ব্যতিক্ৰম যোৰহাট। যোৰহাটৰ নগৰ অঞ্চলত লকডাউনৰ সময়চোৱাতো অব্যাহত থকা ভয়ংকৰ বায়ু প্ৰদূষণে জীয়াতু ভোগাইছে জনসাধাৰণক। গড়মূৰত নগৰৰ জাৱৰসমূহ পেলাই অহা স্থানত আৱৰ্জনাসমূহত জুই লগোৱাৰ ফলত ইয়াৰ পৰা নিৰ্গত হোৱা বিষাক্ত , দূৰ্গন্ধময় ধোৱাই চানি ধৰিছে যোৰহাটৰ আকাশ-বতাহ। সন্ধিয়া হোৱাৰ লগে লগেই যোৰহাট নগৰ চানি ধৰে কুঁৱলী সদৃশ বিষাক্ত ধোঁৱাই।
কিন্তু এই ক্ষেত্ৰত এতিয়াও নিৰ্বিকাৰ হৈ আছে প্ৰশাসন তথা সংশ্লিষ্ট কৰ্তৃপক্ষ। সমীপৰ অঞ্চলসমূহৰ বহু লোকে এই প্ৰদূষিত ধোঁৱাৰ ফলত তেওঁলোকৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হোৱাৰ কথা ব্যক্ত কৰিছে । এই লোকসকলে স্থানীয় প্ৰশাসন তথা যোৰহাট পৌৰসভা কৰ্তৃপক্ষক তীব্ৰ সমালোচনা কৰাৰ লগতে শীঘ্ৰে এই প্ৰদূষণৰ পৰা মুক্ত কৰিবলৈ কৰ্তৃপক্ষক দাবী জনাইছে ।