• Home
  • »
  • News
  • »
  • assam
  • »
  • কাইলৈ লাচিত ঘাটৰ ওপৰত বায়ুসেনাৰ সূৰ্য কিৰণ এৰোবেটিক শ্ব'; উপস্থিত থাকিব অসমৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী

কাইলৈ লাচিত ঘাটৰ ওপৰত বায়ুসেনাৰ সূৰ্য কিৰণ এৰোবেটিক শ্ব'; উপস্থিত থাকিব অসমৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী

গুৱাহাটীৰ লাচিত ঘাটৰ ওপৰত ভাৰতীয় বায়ুসেনাৰ সূৰ্য কিৰণ এৰোবেটিক দল চমুকৈ SKATএ বিমান এৰোবেটিক প্ৰদৰ্শন কৰিব।

গুৱাহাটীৰ লাচিত ঘাটৰ ওপৰত ভাৰতীয় বায়ুসেনাৰ সূৰ্য কিৰণ এৰোবেটিক দল চমুকৈ SKATএ বিমান এৰোবেটিক প্ৰদৰ্শন কৰিব।

গুৱাহাটীৰ লাচিত ঘাটৰ ওপৰত ভাৰতীয় বায়ুসেনাৰ সূৰ্য কিৰণ এৰোবেটিক দল চমুকৈ SKATএ বিমান এৰোবেটিক প্ৰদৰ্শন কৰিব।

  • Share this:
কাইলৈ অৰ্থাৎ ২৭ ছেপ্টেম্বৰ তাৰিখে গুৱাহাটীৰ লাচিত ঘাটৰ ওপৰত ভাৰতীয় বায়ুসেনাৰ সূৰ্য কিৰণ এৰোবেটিক দল চমুকৈ SKATএ বিমান এৰোবেটিক প্ৰদৰ্শন কৰিব। হক এমকে-132 বিমান ব্যৱহাৰেৰে স্কোয়াড্ৰনে এৰোবেটিক্স প্ৰদৰ্শন কৰিবলগা এয়াৰ শ্ব'টো ১০ বজাৰ পৰা ১১ বজালৈকে অনুষ্ঠিত হ'ব। ভাৰতীয় বায়ুসেনাৰ এই কাৰ্যসূচীত অসমৰ ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখী, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, এয়াৰ মাৰ্শ্বেল ডি. কে. পাটনায়ক(AVSM VM AOC-in-C, Eastern Air Command)ৰ লগতে বায়ুসেনাৰ বহুকেইগৰাকী উচ্চপদস্থ বিষয়া উপস্থিত থাকিব।

মন কৰিবলগীয়া যে, ভাৰতীয় বায়ুসেনাৰ সূৰ্য কিৰণ সমগ্ৰ বিশ্বৰ একমাত্ৰ নখন বিমান গঠন এৰোবেটিক দলৰ ভিতৰত অন্যতম। ১৯৯৬ চনত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল আৰু বিগত ২৫ বছৰ ধৰি বিমান এৰোবেটিক্স প্ৰদৰ্শন কৰি আহিছে। ই ভাৰতীয় বায়ুসেনাৰ ৫২ তম স্কোয়াড্ৰনৰ এটা অংশ।

উল্লেখ্য যে, সূৰ্য কিৰণ দলটো বৰ্তমান তেজপুৰ এয়াৰফৰ্চ ষ্টেচনত অৱস্থান গ্ৰহণ কৰিছে আৰু উইং কামাণ্ডাৰ ৰূপম বৰদলৈও এই স্কোয়াড্ৰনৰ সদস্য।

ইতিমধ্যে স্কোয়াড্ৰনে বিগত ১৬ ছেপ্টেম্বৰত ভুৱনেশ্বৰ আৰু ১৮ ছেপ্টেম্বৰত পুৰীৰ ব্লু ফ্লেগ বীচত সাহসী আৰু শ্বাসৰুদ্ধকাৰী আকাশী কৌশল প্ৰদৰ্শন কৰিছিল। গুৱাহাটীৰ পাছতেই অহা ৮ অক্টোবৰত চণ্ডীগড় আৰু ১৪ অক্টোবৰত বৰেলীত নিজ প্ৰদৰ্শন আগবঢ়াব।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি