অৰুণাচলৰ নিখোজ বায়ুসেনাৰ বিমানৰ সন্ধানত পুৱাৰে পৰা উদ্ধাৰ অভিযান আৰম্ভ

News18-Assam
Updated:June 4, 2019, 8:31 AM IST
অৰুণাচলৰ নিখোজ বায়ুসেনাৰ বিমানৰ সন্ধানত পুৱাৰে পৰা উদ্ধাৰ অভিযান আৰম্ভ
দুখন অত্যাধুনিক MI 17 বিমান আৰু এখন এডভান্স লেণ্ডিং হেলিকপ্টাৰেৰে চলিছে উদ্ধাৰ অভিযান। সেনা আৰু ITBPৰ জোৱান নিয়োগ কৰা হৈছে উদ্ধাৰ অভিযানত।

দুখন অত্যাধুনিক MI 17 বিমান আৰু এখন এডভান্স লেণ্ডিং হেলিকপ্টাৰেৰে চলিছে উদ্ধাৰ অভিযান। সেনা আৰু ITBPৰ জোৱান নিয়োগ কৰা হৈছে উদ্ধাৰ অভিযানত।

  • Share this:
অৰুণাচলৰ নিখোজ বায়ুসেনাৰ বিমানৰ সন্ধানত আজি পুৱাৰে পৰা চলিছে উদ্ধাৰ অভিযান। দুখন অত্যাধুনিক MI 17 বিমান আৰু এখন এডভান্স লেণ্ডিং হেলিকপ্টাৰেৰে চলিছে উদ্ধাৰ অভিযান। সেনা আৰু ITBPৰ জোৱান নিয়োগ কৰা হৈছে উদ্ধাৰ অভিযানত। এই পৰ্যন্ত নিখোজ AN32 বিমানখনৰ কোনো শুংসূত্ৰ পোৱা নাই উদ্ধাৰকাৰী দলে। চিয়াং জিলাৰ পায়ুম অঞ্চলত বিমানখন ভূপতিত হোৱা বুলি অনুমান কৰা হৈছে আৰু সেইমতেই অভিযান আৰম্ভ কৰিছে বায়ুসেনাই। এই পৰ্যন্ত বিমানখন ধ্বংসাৱশেষ অথবা বিমানখনত থকা পাইলট আৰু যাত্ৰীৰ সন্ধান পোৱা নাই।  বিমানখনত থকা পাইলটসহ ১৩ গৰাকী যাত্ৰী নিহত হোৱাৰ আশংকা কৰা হৈছে। উদ্ধাৰ অভিযান আৰম্ভ হৈছে যদিও প্ৰতিকূল বতৰৰ বাবে লেহেমীয়া হৈছে উদ্ধাৰ অভিযান।

বিমানখনত আছিল ফ্লাইট লেফটেনেণ্ট এম গাৰ্গ, মহান্তি, তনৱাৰ, থাপা, চাৰ্জেণ্ট অনুপ, কৰ্প'ৰেল, ছাৰিন, স্কোৱাড্ৰন লীডাৰ বিনোদ, ৱাৰেণ্ট অফিচাৰ কে কে মিশ্ৰ, লীডিং এয়াৰক্ৰাফ্ট মেন পংকজ, এছ কে সিং, নন কম্বেটেণ্ট(এনৰ'ল্ড) ৰাজেশ কুমাৰ আৰু পুতলি, উইং কমাণ্ডাৰ চাৰ্লছ। যোৰহাটৰ পৰা মেচুকা অভিমুখী আছিল বিমানখন। যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰৰ পৰা উৰা মাৰিছিল বিমানখনে। সোমবাৰে দুপৰীয়া ১২ বাজি ২৫ মিনিটত বিমানখনে যাত্ৰা কৰিছিল যদিও ১ বজাত বিমানখনৰে অন্তিমবাৰ যোগাযোগ হৈছিল। সোমবাৰে অভিযানত ব্যৱহাৰ কৰা হৈছিল ছুখয় ৩০ কম্বেট এয়াৰক্ৰাফ্ট।
First published: June 4, 2019, 8:31 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি