• Home
  • »
  • News
  • »
  • assam
  • »
  •  'চেমখৰ' ছবিৰ বাবে নাগালেণ্ড ফিল্ম ফেষ্টিভেলত সন্মানিত হ’ল জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা

 'চেমখৰ' ছবিৰ বাবে নাগালেণ্ড ফিল্ম ফেষ্টিভেলত সন্মানিত হ’ল জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা

সামৰণি অনুষ্ঠানত 'চেমখৰ' ছবিখনৰ অভিজ্ঞতা সম্পৰ্কত নাগালেণ্ডৰ বিভিন্নজন লোকৰ প্ৰশ্নৰ উত্তৰ দিছিল আৰু অভিজ্ঞতা সুন্দৰভাৱে বৰ্ণনা কৰিছিল।

  • Share this:
নাগালেণ্ডৰ ৰাজধানী চহৰ ক'হিমাত সম্প্ৰতি চলি আছে দ্বাবিংশতিতম হৰ্ণবিল ফেষ্টিভেল। দেশৰ জনপ্ৰিয় এই হৰ্ণবিল ফেষ্টিভেলৰ অংশস্বৰূপ তৃতীয় নাগালেণ্ড ফিল্ম ফেষ্টিভেলৰ দেওবাৰে সামৰণি পৰে। নাগালেণ্ড তৃতীয় ফিল্ম ফেষ্টিভেলত অতিথি হিচাপে উপস্থিত আছিল 'চেমখৰ' ছবিৰ প্ৰযোজক আৰু পৰিচালক তথা অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা।

সামৰণি অনুষ্ঠানত 'চেমখৰ' ছবিখনৰ অভিজ্ঞতা সম্পৰ্কত নাগালেণ্ডৰ বিভিন্নজন লোকৰ প্ৰশ্নৰ উত্তৰ দিছিল আৰু অভিজ্ঞতা সুন্দৰভাৱে বৰ্ণনা কৰিছিল। অনুষ্ঠানৰ অন্তত News18ৰে হোৱা বিশেষ সাক্ষাৎকাৰত আইমী বৰুৱাই 'চেমখৰ' ছবিৰ অভিজ্ঞতাৰ লগতে নাগালেণ্ড ফিল্ম ফেষ্টিভেলৰ কথা বৰ্ণনা কৰে।

‘‘চেমখৰ ছবিখন কৰিবলৈ যাওঁতে মই এবছৰ ধৰি ডিমাছা ভাষাটো শিকিবলগীয়া হৈছিল"– ক’লে আইমী বৰুৱাই। আইমী বৰুৱাই উল্লেখ কৰে যে ডিমা হাছাওৰ দুৰ্গম চেমখৰৰ ডিমাছা লোকসকলে তেওঁলোকৰ পৰিৱেশৰ মাজত থাকিয়েই ভাল পাই। 'চেমখৰ'ৰ জৰিয়তে পোৱা সন্মানৰ বাবে দেশবাসীক, ৰাজ্যবাসীক আৰু ডিমা হাছাওবাসীক ধন্যবাদ জনাইছে আইমী বৰুৱাই।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি