অভিনেত্ৰী আইমী বৰুৱালৈ আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ। অভিনেত্ৰীগৰাকীয়ে টৰণ্টো আন্তঃৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ মহোৎসৱত 'চেমখোৰ' নামৰ কথাছবিৰ বাবে 'শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা' (Best Actress Award) লাভ কৰিবলৈ সক্ষম হৈছে।
'চেমখোৰ' (‘Semkhor’) আইমী বৰুৱা (Aimee Baruah)ৰ দ্বাৰা পৰিচালিত প্ৰথমখন ডিমাচা ভাষাৰ চলচ্চিত্ৰ (Dimasa film)। চলচ্চিত্ৰখন ডিমাচা সম্প্ৰদায়ৰ সাংস্কৃতিক আৰু পৰম্পৰাগত দিশ আৰু তেওঁলোকৰ ঐতিহ্যক পৰিস্ফুট কৰি নিৰ্মাণ কৰা হৈছে। মূলতঃ চেমচা জনজাতিৰ জীৱনক লৈ নিৰ্মাণ কৰা চলচ্চিত্ৰখনে টেগৰ ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলতো ৩টা শিতানত সন্মান লাভ কৰিছিল।
এইবাৰ পুনৰ টৰণ্টো আন্তঃৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ মহোৎসৱ(Toronto International Women Film Festival)ত আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰাটো এক ডাঙৰ সাফল্য ৰূপে পৰিগণিত হৈছে। উল্লেখ্য, টৰণ্টো আন্তঃৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ মহোৎসৱে সমগ্ৰ বিশ্বৰ প্ৰতিভাশালী মহিলা চলচ্চিত্ৰ নিৰ্মাতাসকলৰ দ্বাৰা নিৰ্মিত চলচ্চিত্ৰৰ মহোৎসৱ অনুষ্ঠিত কৰাৰ লগতে স্বতন্ত্ৰ মহিলা পৰিচালক, প্ৰযোজক, অভিনেত্ৰী, চিত্ৰগ্ৰহণকাৰী, সম্পাদক হিচাপে চলচ্চিত্ৰৰ জগতত অৱদান আগবঢ়োৱা মহিলা শিল্পীক পুৰস্কৃত কৰি আহিছে।
এগৰাকী সফল অভিনেত্ৰী ৰূপে পৰিচিত আইমী বৰুৱাক এই আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিয়ে অনুপ্ৰেৰণা যোগাব বুলি আশা কৰিব পাৰি। বৰুৱাই এতিয়ালৈ প্ৰায় ২৫খন চলচ্চিত্ৰত অভিনয় কৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|